September 15, 2024 5:55 PM | assam adre 2024

printer

তৃতীয় বৰ্গৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তিৰ প্ৰথম দিনৰ পৰীক্ষা শান্তিপূর্ণ আৰু নিয়াৰিকৈ সম্পন্ন হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তোষ প্ৰকাশ

অসম প্ৰত্যক্ষ নিযুক্তি আয়োগৰ অধীনৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তিৰ প্ৰথম দিনৰ পৰীক্ষা শান্তিপূর্ণভাৱে আৰু নিয়াৰিকৈ সম্পন্ন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সকলো বিষয়া-কৰ্মচাৰীৰ লগতে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা বৰ্তাই ৰখাৰ প্ৰতি বদ্ধপৰিকৰ। ভৱিষ্যতেও এনে ধৰণে নিকা ব্যৱস্থাৰে পৰীক্ষা অনুষ্ঠিত কৰি যুৱক-যুৱতীসকলক নিয়োগৰ সুবিধা দিয়া হ’ব বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ ২ ৩০৫ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত এই পৰীক্ষাত ১১লাখ ২৩ হাজাৰৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰে। তদুপৰি এই পৰীক্ষাত অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা লোৱা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে আজি পুৱা ১০ বজাৰ পৰা দিনৰ ডেৰ বজালৈ মোবাইল ইণ্টাৰনেট, মোবাইল ডাটা আৰু ৱাইফাই সেৱা ব্যাহত ৰাখে ।

অধিক পঢ়ক

সকলো চাওক