তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া জিলাসমূহত সতর্কতামূলক ব্যৱস্থা গ্রহণ

ৰাজ্যত তৃতীয় পর্যায়ত হ’বলগীয়া নির্বাচনৰ প্রতি লক্ষ্য ৰাখি জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্রহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যবস্থা লৈছে। ভোটগ্রহণ হ’বলগীয়া জিলাসমূহত সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে। ইয়াৰ লগতে সংশ্লিষ্ট জিলাসমূহত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। তদুপৰি ভোট গণনাৰ দিনা অর্থাৎ ৪ জুনৰ দিনাও সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। এই নির্দেশনা উলংঘা কৰিলে অসম আবকাৰি আইন আৰু বিধিৰ প্ৰাসংগিক ধাৰা আৰু জনপ্রতিনিধিত্ব আইনৰ অধীনত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি প্রকাশ কৰা হৈছে। তদুপৰি যিকোনো ঠাইত ৫ জনতকৈ অধিক লোক সমবেত হোৱাৰ পৰা বিৰত থকা, ৰাজহুৱা সভা, সমদল উলিওৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনহাতে, ভোটৰ ফলাফল ঘোষণা নকৰা পর্যন্ত অনুজ্ঞাপত্র থকা অস্ত্ৰ-শস্ত্ৰও লৈ ফুৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।