তৃতীয় পর্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে কাইলৈ লোকসভা নির্বাচন

ৰাজ্যখনত তৃতীয় পর্যায়ত কাইলৈ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ’ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্রজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ১০ টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। সম্প্রতি এন ডি এৰ সাংসদ কুইন ওজাই প্রতিনিধিত্ব কৰা এই সমষ্টিটো ইয়াৰ পূৰ্বে বিজেপিৰ বিজয়া চক্রবর্তী আৰু ২০০৪ চনত কংগ্ৰেছ দলৰ কিৰিপ চলিহাই প্রতিনিধিত্ব কৰিছিল। ইপিনে, বৰপেটা সমষ্টিত এইবাৰ বিজেপি মিত্রজোটৰ প্রার্থী তথা অসম গণ পৰিষদৰ নেতা ফণীভূষণ চৌধুৰীয়ে প্ৰতিদ্বন্দিতা কৰিব। ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ দ্বীপ বায়ন, চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰ, আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল কালাম আজাদেও সমষ্টিটোত প্রতিদ্বন্দিতা কৰিব। কংগ্ৰেছ দলৰ সাংসদ আব্দুল খালেকে প্রতিনিধিত্ব কৰি থকা সমষ্টিটোত ইয়াৰ পূৰ্বে অর্থাৎ ২০১৪ চনত এ আই ইউ ডি এফৰ হৈ চিৰাজুদ্দিন আজমল জয়ী হৈছিল। এই লোকসভা সমষ্টিটোৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বঙাইগাওঁ, বৰপেটা, কামৰূপ আৰু নলবাৰী জিলাৰ ১০ টা বিধানসভা সমষ্টি সামৰি লৈছে। বৰপেটা সমষ্টিত প্রায় ১৯ লাখৰো অধিক ভোটদাতা আছে। আনহাতে, কোকৰাঝাৰ লোকসভা সমষ্টিটোরে কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ ৯ টা বিধানসভা সমষ্টি সামৰি লৈছে। এই সমষ্টিটোত এইবাৰ বিজেপি মিত্রজোটৰ হৈ ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী, কংগ্ৰেছৰ গৰ্জন মুছাহাৰী আৰু তৃণমূল কংগ্ৰেছৰ গৌৰীশংকৰ শৰণীয়াই প্রতিদ্বন্দ্বিতা কৰিছে। এই সমষ্টিটো সম্প্রতি সাংসদ নৱ কুমাৰ শৰণীয়াই প্রতিনিধিত্ব কৰি আছে। ইয়াৰ পূৰ্বে বি পি এফৰ ছানছুমা খুংগুৰ বিছমুথিয়াৰে সমষ্টিটোক ৪ বাৰকৈ প্ৰতিনিধিত্ব কৰিছে। ইপিনে, ধুবুৰী সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ অসম গণ পৰিষদৰ জাবেদ ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ বদৰউদ্দিন আজমলে প্রতিদ্বন্দ্বিতা কৰিছে। এই সমষ্টিটো এ আই ইউ ডি এফৰ হৈ বৰ্তমানৰ সাংসদ বদৰউদ্দিন আজমলে ২০০৯ চনৰ পৰা প্ৰতিনিধিত্ব কৰি আছে। এই সমষ্টিটোত ১৬ লাখৰো অধিক ভোটদাতা আছে। আনহাতে, সমষ্টিটোবে ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও আৰু বৰপেটা জিলাৰ ১১টা বিধানসভা সমষ্টি সামৰি লৈছে।

অধিক পঢ়ক

সকলো চাওক