বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, ভাৰতে ভার্চুৱেল ব্যৱস্থাৰে আয়োজন কৰা তৃতীয় ভইচ অব্ গ্লোবেল চাউথ শীৰ্ষ সন্মিলনত খাদ্য, স্বাস্থ্য আৰু শক্তি সুৰক্ষাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়লৈ আলোচনা হয়। সন্মিলনৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ড০ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ আৱশ্যকতাৰ কথা দোহাৰে ৷ তেওঁ লগতে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ হকে দাবী বৃদ্ধি পোৱা বুলি উল্লেখ কৰে। সন্মিলনত সম্পদ, সহজে সম্পদ ব্যৱহাৰৰ সুবিধা আৰু কৰ্মসংস্থাপন তথা অর্থনৈতিক অসমতা বিষয়ক উদ্বেগক লৈও আলোচনা কৰা হয় বুলি বিদেশ মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে, এই বিষয়সমূহ বিভিন্ন নেতাই সন্মিলনত উত্থাপন কৰা উমৈহতীয়া সমস্যাসমূহৰ অন্যতম। ড০ জয়শংকৰে লগতে কেইবাগৰাকীও নেতাই বতৰৰ পৰিৱৰ্তন, নির্গমণজনিত প্ৰত্যাহ্বান আৰু ঋণৰ বোজাৰ দৰে অন্য বিষয়ো উত্থাপন কৰে।
Site Admin | August 18, 2024 11:21 AM | Dr. S Jaishankar