ডাউনলোড
মোবাইল এপ

android apple
signal

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশত ৬১. ৪৫ শতাংশ ভোটৰ বিপৰীতে অসমত  ৭৫.৩ শতাংশ ভোটদান

ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ দেশতে নিশা ৮ বজা পর্যন্ত ৬১. ৪৫ শতাংশ ভোটদান সম্পন্ন হৈছে। অসমত ৭৫.৩ শতাংশ ভোটদান সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে। গুৱাহাটী সমষ্টিত ৬৮.৯৩ শতাংশ, বৰপেটা সমষ্টিত ৭৬.৭৩ শতাংশ, কোকৰাঝাৰত ৭৪ .২৪ শতাংশ আৰু ধুবুৰীত ৭৯.৭ ০ শতাংশ ভোটদান সম্পন্ন হয়। দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হয়। গুজৰাটৰ ২৫ টা, কৰ্ণাটকৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১১ টা, উত্তৰ প্ৰদেশৰ ১০ টা, মধ্য প্ৰদেশৰ ৯টা, ছট্টিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসমৰ ৪টা, পশ্চিমবংগৰ ৪টা, গোৱাৰ দুটা সমষ্টিৰ লগতে কেন্দ্রীয় শাসিত দাদা-নগৰ হাভেলি আৰু দমন-ডিউৰ এটাকৈ সমষ্টিত আজি ভোটগ্রহণ কৰা হৈছে।

নির্বাচন আয়োগে প্রকাশ কৰা তথ্য অনুসৰি নিশা ৮বজালৈ বিহাৰত ৫৬.৫৫ শতাংশ, ছত্তিশগড়ত ৬৬.৯৯ শতাংশ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউত ৬৫.২৩ শতাংশ, গোৱাত ৭৪.২৭ শতাংশ, গুজৰাটত ৫৬.৭৬ শতাংশ, কর্ণাটকত ৬৭.৭৬, মধ্য প্ৰদেশত ৬৩.০৯ শতাংশ, মহাৰাষ্ট্ৰত ৫৪.৭৭, উত্তৰ প্ৰদেশত ৫৭.৩৪ শতাংশ আৰু পশ্চিমবংগত ৭৩.৯৩ শতাংশ ভোটদান সম্পন্ন হৈছে। বেছিভাগ সমষ্টিতে পুৱা ৭ বজাত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু সন্ধিয়া ৬ বজাত ভোটগ্ৰহণৰ সামৰণি পৰে। অৱশ্যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু বাঁওপন্থী উগ্ৰপন্থীৰ প্ৰভাৱ থকা অঞ্চলসমূহত ভোটগ্রহণ প্ৰক্ৰিয়াৰ সময়ৰ তাৰতম্য পৰিলক্ষিত হৈছে। মধ্য প্ৰদেশৰ বেটুল সমষ্টিত ভোটগ্রহণ দ্বিতীয় পৰ্যায়ত কৰাৰ কথা আছিল যদিও বি এছ পি প্রার্থীগৰাকীৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ ভোটগ্রহণ তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হৈছিল। সেই অনুসৰি বেটুল সমষ্টিতো আজি ভোটগ্ৰহণ কৰা হৈছে। ইপিনে, এই পর্যায়তে জম্মু- কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰি সমষ্টিত ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও সমষ্টিটোৰ ভোটগ্রহণ ষষ্ঠ পৰ্যায়লৈ পিছুৱাই দিয়া হৈছে। গুজৰাটৰ চুৰাট সমষ্টিত বিজেপি প্রার্থীগৰাকী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই পৰ্যায়ত নির্বাচন হ’বলগীয়া সমষ্টিৰ সংখ্যা ৯৩ লৈ হ্ৰাস পায়। আমাৰ সংবাদদাতাসকলে জনোৱা অনুসৰি দেশৰ ভিন্ন প্ৰান্তৰ ভোটগ্রহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটদাতাৰ দীঘলীয়া শাৰী দেখা গৈছে। বিশেষকৈ যুৱ আৰু মহিলা ভোটদাতাসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। তৃতীয় পৰ্যায়ত মুঠ ১,৩৩১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ উল্লেখযোগ্য প্রার্থী হৈছে- কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় মন্ত্রী মনসুখ মন্দাভিয়া, জ্যোতিৰাদিত্য সিন্ধিয়া, নাৰায়ণ ৰাণে, পৰষোত্তম ৰূপালা, প্ৰহ্লাদ যোশী, শিৱৰাজ সিং চৌহান আৰু বাসৱৰাজ বুম্মাই, কংগ্ৰেছ নেতা দিগ্বিজয় সিং আৰু অধীৰৰঞ্জন চৌধুৰী, সমাজবাদী প্ৰাৰ্থীৰ ডিম্পল যাদৱ, এন চি পি শাৰদ পাৱাৰ গোটৰ সুপ্রিয়া সুলে আদি।

তৃতীয় পৰ্যায়ত দেশৰ ১ লাখ ৮৫ হাজাৰ ভোটগ্রহণ কেন্দ্ৰত প্ৰায় ১৮ লাখ ৫০ হাজাৰ ভোটগ্ৰহণকাৰী বিষয়াক নিয়োগ কৰা হৈছে। ১৭ কোটিৰো অধিক ভোটদাতাই এই পৰ্যায়ত নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইপিনে, ভাৰতৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ প্ৰত্যক্ষদৰ্শী হ’বলৈ ২৩ খন দেশৰ ৭৫ গৰাকী প্ৰতিনিধি ভাৰতলৈ আহিছে। তেওঁলোকে ছখন ৰাজ্যৰ ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰিব। ভোটগ্রহণ সূচাৰুৰূপে পৰিচালনা কৰিবলৈ নির্বাচন আয়োগে সকলো ব্যৱস্থা কৰিছে। আজিৰ ভোটগ্রহণ হোৱা ৬ খন ৰাজ্যত আন্তৰাষ্ট্ৰীয় নির্বাচন পৰিদৰ্শন কাৰ্যসূচীৰ অংশ হিচাপে ২৩খন দেশৰ ৭৫ গৰাকী প্ৰতিনিধিয়ে পৰিদৰ্শন কৰে।

অধিক পঢ়ক

সকলো চাওক