তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজনৈতিক দলসমূহে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে ভোটগ্রহণৰ দিন চমু চাপি অহাৰ লগে লগে ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে অন্তিম প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ লাটুৰত এখন নির্বাচনী সভাক সম্বোধন কৰে। শ্ৰীমোদীয়ে তেওঁৰ ভাষণত দেশৰ প্ৰগতি আৰু সুৰক্ষাৰ বাবে সুস্থিৰ আৰু শক্তিশালী নেতৃত্বৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে ৷ কংগ্ৰেছ দলক সমালোচনা কৰি শ্ৰীমোদীয়ে কয় যে, দলটোৱে অকল বৰ্তমান প্ৰজন্মৰ বাবেই নহয় বৰং ভৱিষ্যতৰ বাবেও জনসাধাৰণৰ সম্পত্তি হৰলুকি কৰাৰ পৰিকল্পনা কৰিছে বুলি অভিযোগ তোলে। যান-বাহন নির্মাণ, প্ৰতিৰক্ষাৰ দৰে বিভিন্ন ক্ষেত্ৰত হোৱা প্ৰগতিৰ ওপৰত আলোকপাত কৰি শ্ৰীমোদীয়ে ২০১৪ চনৰ পূৰ্বৰ আৰু পাছৰ বিকাশৰ গতি তুলনা কৰে। শ্রীমোডীয়ে আজি গুজৰাটত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। প্রধানমন্ত্ৰীয়ে আজি বিয়লি উত্তৰ গুজৰাটৰ বানাছকাণ্ঠা জিলাৰ ৱাৱ আৰু চাবৰকাণ্ঠা জিলাৰ হিম্মত নগৰত জনসভাক সম্বোধন কৰিব। শ্ৰীমোদীয়ে কাইলৈ আনন্দ, সুৰেন্দ্ৰনগৰ, জুনাগড় আৰু জামনগৰ চহৰত আয়োজিত নিৰ্বাচনী সমাবেশত ভাষণ দিব। সমগ্ৰ গুজৰাটতে তৃতীয় পৰ্যায়ত অহা ৭ মে’ত ভোটগ্রহণ অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক