April 29, 2024 12:25 PM | election campaign

printer

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। এই পৰ্যায়ত গুৱাহাটী, ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত ৭ মে’ত ভোটগ্ৰহণ কৰা হ’ব। প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু নেতাসকল সম্প্ৰতি প্ৰচাৰত ব্যস্ত হৈ পৰা দেখা গৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি কোকৰাঝাৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে বিজেপি আৰু ইউ পি পি এলৰ সন্মিলিত প্রচেষ্টাত বিটিআৰত এতিয়া শান্তিৰ পৰিবেশে বিৰাজ কৰিছে। শান্তি ঘূৰি অহাৰ বাবে অঞ্চলটোত উন্নয়নো সম্ভৱপৰ হৈছে বুলি ড° শৰ্মাই দাবী কৰে। বাওখুংগ্ৰী আৰু পৰ্বতঝোৰাত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ তথা ৰাজ্যত বিজেপি নেতৃত্বৰ চৰকাৰৰ মহিলা সৱলীকৰণৰ আঁচনিৰ জৰিয়তে অসমৰ নাৰী শক্তি উপকৃত হৈছে বুলি দাবী কৰে। ড° শৰ্মাই নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পতাৰ বাবে বিজেপি মিত্রজোঁটক ভোট দিবলৈ সকলোকে আহ্বান জনায়। গুৱাহাটী সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে কালি মহানগৰৰ বশিষ্ঠ, বতাহঘূলি, পাঞ্জাবাৰী, সোণাপুৰ, দক্ষিণগাঁও আৰু কাহিলীপাৰাকে ধৰি কেইবাটাও স্থানত প্ৰচাৰ চলায়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ কালি মন্ত্ৰী ডাঃ ৰণোজ পেগু, যোগেন মহন, অজন্তা নেওগ আৰু বিমল বৰাই মহানগৰৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। সমষ্টিটোৰ কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়েও কালি ৰাণীত নিৰ্বাচনী প্ৰচাৰ চলায়। এই প্ৰচাৰ অভিযানত শাসকপক্ষক সমালোচনা কৰি কংগ্ৰেছৰ প্ৰাৰ্থীৰ্গৰাকীয়ে জনসাধাৰণক বিবেক ভোট দিবলৈ আহ্বান জনায় ৷ অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু বিজেপি নেতা তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সৈতে নলবাৰীত বাইক ৰেলীৰে প্ৰচাৰ চলায় । তেওঁলোকে বিভিন্ন স্থানত নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে। সমষ্টিটোৰ এছ ইউ চি আইৰ প্ৰাৰ্থী ডাঃ চিত্ৰলেখা দাসে সৰু সৰু পথ সভাৰে ভোটদাতাৰ মনোযোগ আকৰ্ষণৰ চেষ্টা কৰে। সমাজ পৰিৱৰ্তন আৰু শ্ৰমজীৱী মানুহৰ অভাৱ- অভিযোগ তথা সমস্যাৰ হকে মাত মতাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী যুঁজত নমা প্রার্থীগৰাকীয়ে শাসকপক্ষক সমালোচনা কৰে। ধুবুৰী লোকসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে কালি সমষ্টিটোৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ভেল্টাঘাটত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত সাংসদগৰাকীয়ে প্ৰতিদ্বন্দ্বী প্রার্থীক সমালোচনা কৰাৰ লগতে তেওঁ বিগত তিনিটা কাৰ্যকালত কৰি অহা উন্নয়নমূলক কামৰ খতিয়ান দিয়ে। সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰী জিলাৰ চুনাতি এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অংশগ্রহণ কৰে। তেওঁলোকে সমষ্টিটোৰ সৰ্বাংগীন উন্নয়ন আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাতৃত্ববোধ অটুট ৰখাৰ স্বাৰ্থত বিৰোধী প্রার্থীগৰাকীৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়। কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী খাম্ফা বৰ্গয়াৰীয়ে কালি বাক্সা জিলাৰ সাউদভিঠাত প্ৰচাৰ চলায়। নির্বাচনী সভাত তেওঁ ইউ পি পি এল দলক সমালোচনা কৰি সমষ্টিটোৰ ৭০ শতাংশ ভোটদাতাই বিপিএফক ভোট দিব বুলি উল্লেখ কৰে ।

অধিক পঢ়ক

সকলো চাওক