তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন, ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত বঙাইগাঁৱত প্ৰচাৰ চলায়। নির্বাচনী সভাত ভাষণ দি মুখ্যমন্ত্রী শর্মাই কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত অসমত উগ্রবাদী সমস্যাৰ সমাধান হোৱাত ৰাজ্যখনত বিগত ৩টা বছৰত কোনোধৰণৰ হিসাংত্মক ঘটনা সংঘটিত হোৱা নাই। মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিশেষ গুৰুত্ব আৰোপ কৰা বুলি দাবী কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, মহিলাসকলৰ জৰায়ুৰ কৰ্কটৰোগৰ বিনামূলীয়া প্ৰতিষেধক প্ৰদানৰ বাবে প্রধানমন্ত্রী শ্রীমোদীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৫ চনত বঙাইগাঁওবাসী ৰাইজে বঙাইগাঁৱৰ নির্মীয়মান চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা সেৱা লাভ কৰিব বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়নমূলক আঁচনিসমূহৰ ধাৰাবাহিকতা সুনিশ্চিত কৰিবলৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী জিলাৰ চামতা বালিপথাৰতো এখন নির্বাচনী সভাত অংশগ্রহণ কৰে৷ কোকৰাঝাৰ লোকসভা সমষ্টিতো নিৰ্বাচনী প্ৰচাৰলৈ মাত্ৰ এটা দিন বাকী থকা অৱস্থাত নির্বাচনী প্ৰচাৰ তুংগত উঠিছে। লোকসভা সমষ্টিটোৰ অন্তৰ্গত ছিদলী-চিৰাং বিধানসভা সমষ্টিৰ নিলিবাৰীত এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই প্ৰচাৰ চলায়। মন্ত্ৰীগৰাকীয়ে বিৰোধী দল কংগ্ৰেছৰ লগতে বিটিচিত ১৭ বছৰ শাসন কৰা হাগ্ৰামা মহিলাৰীৰ শাসনকালৰ তীব্ৰ সমালোচনা কৰে। ইয়াৰ বিপৰীতে বিজেপি আৰু ইউ পি পি এল মিত্ৰজোঁটৰ শাসনকালত অঞ্চলটোত জনসাধাৰণে শান্তিৰে জীৱন যাপন কৰিব পাৰিছে বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু সাংসদ ৰনগৌৰা নাৰ্জাৰীয়েও আজি কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ চিৰাং দুৱাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। আনহাতে মন্ত্রী সঞ্জয় কিষাণে বাক্সাৰ বাঁহবাৰীত আজি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ধুবুৰী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ সমৰ্থনত আজি গোৱালপাৰা চহৰত এটা বাইক ৰেলী উলিওৱা হয়। গোৱালতুলি, বলধমাৰী খেলপথাৰৰ পৰা উলিওৱা বাইক ৰেলীটোৱে গোৱালপাৰা চহৰৰ ১৯টা ৱাৰ্ড পৰিভ্ৰমণ কৰে। আনহাতে বিধায়ক আমিনুল ইছলামে আজি ধুবুৰীৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ সমর্থনত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলখনত মানকাচৰৰ বিধায়কগৰাকীয়ে শাসকপক্ষৰ লগতে কংগ্ৰেছ দলৰো সংখ্যালঘু বিৰোধী স্থিতিৰ তীব্ৰ সমালোচনা কৰে। বৰপেটা জিলাৰ মন্দিয়াত আজি ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী তথা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কংগ্ৰেছ দলক তীব্র সমালোচনা কৰি প্ৰাৰ্থীৰ্গৰাকীয়ে কয় যে, দলটোৱে সংখ্যালঘু সকলক কেৱল ভোটবেংক হিচাপেহে ব্যৱহাৰ কৰিছে।

অধিক পঢ়ক

সকলো চাওক