তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭ গৰাকী প্রার্থীৰ প্রতিদ্বন্দ্বিতা নিশ্চিত

ৰাজ্যখনৰ ৪টা সমষ্টিৰ বাবে হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰাতো নিশ্চিত হৈছে। আজি এই পৰ্যায়ৰ বাবে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনা কোকৰাঝাৰৰ ৩ গৰাকী আৰু ধুবুৰীৰ দুগৰাকী প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। আনফালে কোকৰাঝাৰ সমষ্টিত ১২ গৰাকী, ধুবুৰী সমষ্টিত ১৩ গৰাকী, বৰপেটা সমষ্টিত ১৪ গৰাকী আৰু গুৱাহাটী সমষ্টিত ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা কৰে ৷ উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত অহা ২৬ এপ্রিলত আউটাৰ মণিপুৰৰ উপৰি দেশৰ ৮৮টা সংসদীয় সমষ্টিৰ বাবে হ’বলগীয়া নিৰ্বাচনত এহেজাৰ ১৯৮ গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দ্বিতীয় পৰ্যায়ত অসমত ৬১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব। কৰিমগঞ্জত ২৪, নগাঁৱত ১৩, দৰং-ওদালগুৰিত ১১, শিলচৰত ৮ আৰু ডিফুত ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পর্যায়ত ৰাজ্যখনৰ দৰং-ওদালগুৰি সমষ্টিত এন ডি এৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শ‍ইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দুৰ্গাদাস বড়োয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব । ইপিনে, শিলচৰত বিজেপি মিত্ৰজোঁটৰ পৰিমল শুক্লবৈদ্য, তৃণমূল কংগ্ৰেছৰ বাধাশ্যাম বিশ্বাস আৰু কংগ্ৰেছ দলৰ সূৰ্য্যকান্ত সৰকাৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। কৰিমগঞ্জত বিজেপি মিত্ৰজোঁটৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ বছিদ চৌধুৰী আৰু এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্রার্থী সুৰেশ বৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ আৰু এ আই ইউ ডি এফৰ আমিনুল ইছলামে প্রতিদ্বন্দ্বিতা কৰিব। অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ডিফু সমষ্টিত বিজেপি মিত্ৰজোঁটৰ হৈ অমৰ সিং টিছ’, কংগ্ৰেছৰ জয়ৰাম ইংলেং আৰু গণ সুৰক্ষা পাৰ্টীৰ জন বার্নার্ড চাংমাই প্রতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে সমগ্র দেশত দ্বিতীয় পর্যায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত সামগ্রিকভাৱে ৮ দশমিক ৬ শতাংশ মহিলা প্রার্থী আছে। এই পৰ্যায়ত অসম আৰু ত্ৰিপুৰাত দুগৰাকীকৈ মহিলা প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিব পৰা গৈছে। প্রথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থীসকলৰ ভিতৰত মহিলা প্রার্থী ৮ দশমিক ২ শতাংশ আছিল। দ্বিতীয় পৰ্যায়ত কেৰালাত সৰ্বাধিক ২৫ গৰাকী মহিলা প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে, কৰ্ণাটকত ২১ গৰাকী আৰু উত্তৰ প্ৰদেশত ১০ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব ।

অধিক পঢ়ক

সকলো চাওক