তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিৰ বাবে নির্বাচন

ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ’ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্রজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ১০ টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। বৰ্তমান সমষ্টিটো এন ডি এৰ সাংসদ কুইন ওজাই প্রতিনিধিত্ব কৰি আছে। ইপিনে, বৰপেটা সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ নেতা ফণীভূষণ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ দীপ বায়ন, চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰ, তৃণমূল কংগ্ৰেছৰ আব্দুল কালাম আজাদ আৰু নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব। সম্প্ৰতি সমষ্টিটো কংগ্ৰেছ দলৰ সাংসদ আব্দুল খালেকে প্ৰতিনিধিত্ব কৰি আছে। বৰপেটা লোকসভা সমষ্টিটোৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বঙাইগাওঁ, বৰপেটা, কামৰূপ আৰু নলবাৰী জিলাৰ ১০ টা বিধানসভা সমষ্টি সামৰি লৈছে। বৰপেটা সমষ্টিত প্রায় ১৭ লাখ ভোটদাতা আছে। আনহাতে, কোকৰাঝাৰ লোকসভা সমষ্টিটোৱে কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ ৯ টা বিধানসভা সমষ্টি সামৰি লৈছে। এই সমষ্টিটোত এইবাৰ বিজেপি মিত্ৰজোটৰ হৈ ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী, কংগ্ৰেছৰ গৰ্জন মুছাহাৰী আৰু তৃণমূল কংগ্ৰেছৰ গৌৰীশংকৰ শৰণীয়াই প্ৰতিদ্বন্দিতা কৰিছে। এই সমষ্টিটো সম্প্ৰতি সাংসদ নৱ কুমাৰ শৰণীয়াই প্রতিনিধিত্ব কৰি আছে। ইয়াৰ পূৰ্বে বি পি এফৰ ছানছুমা খুংগুৰ বিছমুথিয়াৰে সমষ্টিটোক ৪ বাৰকৈ প্ৰতিনিধিত্ব কৰিছিল। ইপিনে, ধুবুৰী সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ অসম গণ পৰিষদৰ জাভেদ ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে প্রতিদ্বন্দিতা কৰিছে। এই সমষ্টিটো এ আই ইউ ডি এফৰ হৈ বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলে ২০০৯ চনৰ পৰা প্ৰতিনিধিত্ব কৰি আছে। ১৫ লাখৰো অধিক ভোটদাতা থকা সমষ্টিটোৱে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছৰ, গোৱালপাৰা, বঙাইগাঁও আৰু বৰপেটা জিলাৰ ১১টা বিধানসভা সমষ্টি সামৰি লৈছে।

অধিক পঢ়ক

সকলো চাওক