ডাউনলোড
মোবাইল এপ

android apple
signal

তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ শপত গ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নাবিছে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শিৱসেনাৰ একনাথ সিন্দে আৰু ৰাষ্ট্রবাদী কংগ্ৰেছ পাৰ্টীৰ অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰে। উল্লেখযোগ্য যে বিজেপি-শিৱসেনা-এন চি পি মিত্রজোঁটে মহাৰাষ্ট্ৰত অলপতে হৈ যোৱা বিধানসভা নিৰ্বাচনত ২৮৮ খন আসনৰ ভিতৰত ২৩০ খন আসন লাভ কৰিছে।মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে শ্রীফাড়নাবিছক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰীৰ লগতে উপ-মুখ্যমন্ত্রীদ্বয় আৰু অন্যান্য কেবিনেট মন্ত্রীসকলেও শপতগ্রহণ কৰে৷উল্লেখযোগ্য যে শ্রীফাড়নাবিছক কালি সর্বসন্মতি ক্রমে বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, এন ডি এ শাসনাধিস্থিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল এই শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকে।শিৱসেনা আৰু এন চি পিৰ বাহিৰেও ৰাষ্ট্ৰীয় সমাজপক্ষ, জনসূৰ্য শক্তি দল, যুৱ স্বাভিমান পক্ষৰ ৰবি ৰানা আৰু দুগৰাকী নিৰ্দলীয় বিধায়কে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছলৈ সমৰ্থন আগবঢ়ায়।

অধিক পঢ়ক

সকলো চাওক