ডাউনলোড
মোবাইল এপ

android apple
signal

December 5, 2024 12:52 PM | Maharastra CM

printer

তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নবিছে

বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নবিছে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব । মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত বিয়লি হ’বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে শ্ৰীফাড়নবিছক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে, শ্রীফাড়নবিছক কালি সর্বসন্মতি ক্রমে বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। দেৱেন্দ্ৰ ফাড়ণবিছে কালি মিত্ৰজোঁটৰ শিৱসেনাৰ নেতা একনাথ সিন্দে আৰু এন চি পিৰ মুৰববী অজিত পাৱাৰে ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে আৰু মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, এন ডি এ শাসনাধিস্থিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে এই শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব। ৰাজ্যপালৰ সৈতে হোৱাৰ বৈঠকৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীফাড়নবিছে কয়, যে শিৱসেনা আৰু এন চি পিৰ বাহিৰেও ৰাষ্ট্রীয় সমাজপক্ষ, জনসূর্য শক্তি দল, যুৱ স্বাভিমান পক্ষৰ ৰবি ৰানা আৰু দুগৰাকী নিৰ্দলীয় বিধায়কে তেওঁলৈ সমৰ্থন আগবঢ়াইছে।

অধিক পঢ়ক

সকলো চাওক