কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কৈছে যে তৃতীয় কাৰ্যকালৰ বাবে ক্ষমতালৈ আহিলে বিজেপি চৰকাৰে দুবছৰৰ ভিতৰত দেশৰ পৰা নক্সালবাদক পুলিয়ে পোখাই উৎখাত কৰিব। আহমেদাবাদৰ নৰোদাত কালি বিয়লি আহমেদাবাদ পূৱ সংসদীয় সমষ্টিৰ বিজেপি প্রার্থী হছমুখ পেটেলৰ হকে নির্বাচনী সভাত ভাগ লৈ শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশলৈ শান্তি আনিছে আৰু দেশক বিশ্বৰ অগ্ৰণী অৰ্থব্যৱস্থাসমূহৰ অন্যতম কৰি তুলিছে। তেওঁ কয় যে নৰেন্দ্ৰ মোডী চৰকাৰে দেশৰ সৰ্বাত্মক বিকাশৰ আৰ্হি স্থাপন কৰিছে। তেওঁ লগতে কয় যে নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা গোলকীয় পৰ্যায়ত ভাৰতৰ ভাৱমূৰ্তি যথেষ্ট সলনি হৈছে। শ্ৰীশ্বাহে বিজেপি চৰকাৰে দেশৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে কৰা কাম-কাজৰ ওপৰতো আলোকপাত কৰে।
Site Admin | May 1, 2024 11:50 AM | Amit Shah