কলকাতা নাইট ৰাইডাৰ্ছে কালি ছানৰাইৰ্জাছ হায়দৰাবাদক ৮ উইকেটত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে আই পি এল ক্রিকেটৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত কলকাতাই ১১৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্র ১০ অভাৰ ৩টা বলতে দুটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলটোৰ হৈ ৰহমানুল্লা গুৰবাজে ৩৯ ৰান কৰাৰ বিপৰীতে ভেংকটেশ আয়াৰে ৫২ ৰান কৰি আউট নোহোৱাকৈ থাকে । ইয়াৰ পূৰ্বে ছানৰাইৰ্জাছ হায়দৰাবাদে টছত জিকি প্রথম বেট ধৰাৰ সিদ্ধান্ত লয়। দলটোৱে ১৮ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১৩ ৰান কৰে। হায়দৰাবাদৰ হৈ অধিনায়ক পেট কামিন্সে সর্বাধিক ২৪ ৰান কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ আন্দ্ৰে ৰাচেলে তিনিটা উইকেট দখল কৰে। মিচ্চেল ষ্টাৰ্কক প্লেয়াৰ অৱ দ্যা মেছ হিচাপে ঘোষণা কৰা হয়।
Site Admin | May 27, 2024 12:07 PM | IPL 2024