তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেশ্বিপ টায়িপ এর্ডৱানৰ প্ৰধান ৰাজনৈতিক প্রতিদ্বন্দ্বীগৰাকীক প্রেপ্তাৰ কৰাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ ৰাজধানী ইষ্টানবুলত কালিও হাজাৰ হাজাৰ লোকে প্ৰতিবাদ অব্যাহত ৰাখে। বৰ্তমানলৈ ছাত্ৰ-ছাত্ৰী, সাংবাদিক আৰু অধিবক্তাকে ধৰি প্ৰতিবাদকাৰীসকলৰ মাজৰ এহেজাৰ ৪০০গৰাকীতকৈও অধিক লোকক আটক কৰা হৈছে। ইষ্টানবুল প্রশাসনে ৰাজহুৱা শান্তি-শৃংখলা ৰক্ষা তথা সম্ভাব্য প্ৰৰোচনামূলক পৰিস্থিতি প্রতিহত কৰাৰ স্বাৰ্থত সকলো ধৰণৰ প্ৰতিবাদ নিষিদ্ধ কৰাৰ লগতে একাংশ পথ বন্ধ কৰি দিছে। ছাত্র-ছাত্রীসকলে নিছাণ্টাছি জিলাৰ ৰাজপথেৰে সমদল কৰি চৰকাৰক পদত্যাগ কৰিবলৈ দাবী জনায়।
নেতাগৰাকীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত তুৰস্কৰ প্ৰধান বিৰোধী দল ৰিপাব্লিকান পিছ পাৰ্টীয়ে অহা শনিবাৰে মহানগৰীখনত এখন সমাবেশৰ আয়োজন কৰাৰ লগতে নিৰ্বাচনৰ বাবে দাবী জনাব বুলি প্ৰকাশ কৰিছে। এনে পৰিস্থিতিৰ মাজতে সংবাদ প্রতিষ্ঠান এ এফ ইৰ ফটোগ্ৰাফাৰ য়াছিন আকগুলকে ধৰি প্ৰতিবাদী কাৰ্যসূচীৰ সংবাদ পৰিবেশন কৰা সাতগৰাকী সাংবাদিক আদালতত হাজিৰ হয়। আনহাতে এ এফ ইৰ অধ্যক্ষগৰাকীয়ে প্ৰতিষ্ঠানটোৰ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰোধিতা কৰি এই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ কাৰ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ লগতে বিষয়টোত ৰাষ্ট্ৰপতি এডৱানৰ হস্তক্ষেপৰ বাবে আহ্বান জনায়।
উল্লেখযোগ্য যে দেশখনৰ ৰাষ্ট্ৰপতি ৰেশ্বিপ টায়িপ এডৱানৰ প্ৰধান ৰাজনৈতিক প্রতিদ্বন্দ্বী হিচাপে বিবেচিত ইষ্টানবুলৰ মেয়ৰ ইক্ৰেম ইমামোগ্লুক যোৱা সপ্তাহত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছতেই দেশখনত অস্থিৰতাৰ উদ্ভৱ হয়। সোঁপন্থী ৰাজনৈতিক দলসমূহৰ লগতে ৰাষ্ট্ৰসংঘইও তেওঁৰ গ্ৰেপ্তাৰক গৰিহণা দিয়াৰ লগতে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে সশস্ত্র বাহিনী নিয়োগ কৰা কাৰ্যৰ বিৰোধিতা কৰিছে ।
Site Admin | March 26, 2025 7:24 PM | Turkey Protest
তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেশ্বিপ টায়িপ এর্ডৱানৰ প্ৰধান ৰাজনৈতিক প্রতিদ্বন্দ্বীক প্রেপ্তাৰ
