ডাউনলোড
মোবাইল এপ

android apple
signal

তিৱা সাহিত্য সভাক তিৱা জনগোষ্ঠীৰ এখন বুৰঞ্জী প্ৰণয়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আহ্বান

তিৱা সাহিত্য সভাক তিৱা জনগোষ্ঠীৰ এখন বুৰঞ্জী প্ৰণয়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। এই বুৰঞ্জী প্ৰণয়নৰ বাবে ব্যয় চৰকাৰে বহন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্রতিশ্রুতি দিছে। জাগীৰোড সমষ্টিৰ ঔজাবীত আজি অনুষ্ঠিত ত্রয়োদশ ত্রিবার্ষিক তিৱা মাথনলাই টা অর্থাৎ তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনত অংশগ্রহণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। তিৱা ৰজা জোঙালবলহুৰ বীৰত্বত্ব গাঁথা আৰু জনগোষ্ঠীটোৰ চহকী ঐতিহ্য তথা লোককৃষ্টিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে তিৱা জনগোষ্ঠীয় নৃত্যক বৃহৎ পৰিসৰত গুৱাহাটীত পৰিবেশন কৰোৱাৰ ব্যৱস্থা কৰিব বুলি প্রতিশ্রুতি দিয়ে। জোঙালবলহু গড়ত নির্মীয়মান পর্যটনক্ষেত্ৰ এই বছৰৰ ভিতৰতে মুকলি কৰি দিয়া হ’ব বুনি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে প্ৰকৃতিৰ সৈতে নিবিড় সম্পৰ্ক ৰক্ষা কৰি চলি থকা জনগোষ্ঠীটোৱে প্রকৃতিকেই আবাধনা কৰি জীৱনশৈলী পৰিচালিত কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত তিৱা ভাষাক পঞ্চম মান শ্ৰেণী পর্যন্ত বিদ্যালয়ত শিকোৱাৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে আশ্বাস দিয়ে। তদুপৰি জনগোষ্ঠীটোৰ লোকসকলৰ সৰ্বাত্মক উন্নয়ন আৰু তেওঁলোকৰ চহকী ঐতিহ্য সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পদক্ষেপ লোৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক