ৰিঅ’ ডি জেনেৰ’ত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে গায়ানা লৈ ৰাওনা হৈছে৷ ১৯৬৮ চনৰ পাছত এয়া হ’ল কোনো এগৰাকী ভাৰতীয় প্রধানমন্ত্ৰীৰ প্ৰথমটো গায়ানা ভ্রমণ। শ্রীমোদীয়ে ভ্ৰমণকালত জর্জটাউনত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফান আলীৰ সৈতে আলোচনাত মিলিত হ’ব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্বিতীয় কেৰিকম-ভাৰত সন্মিলনত অংশগ্রহণ কৰাৰ লগতে কেৰিকম ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য দেশসমূহৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈ অঞ্চলটোৰ লগত ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধুত্ব অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিব। শ্রীমোদীয়ে গায়ানাৰ সংসদত ভাষণ দিয়াৰ উপৰি দেশখনত বাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ সমাৱেশকো সম্বোধন কৰিব।
Site Admin | November 20, 2024 11:48 AM | PM-Guyana