বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে তিনিদিনীয়া আনুষ্ঠানিক ভ্রমণসূচীৰে আজি ইটালীলৈ ৰাওনা হব। ইটালীৰ ফিউগীত তেওঁ জি চেভেন বিদেশ মন্ত্রীগোটৰ বৈঠকত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ বাবে ভাৰতক অতিথি ৰাষ্ট্ৰ হিচাপে আমন্ত্রণ জনোৱা হৈছে। এই ভ্ৰমণকালত বিদেশ মন্ত্ৰীগৰাকীয়ে ইটালীকে ধৰি অন্যান্য অংশগ্রহণকাৰী ৰাষ্ট্ৰসূহৰ সমকক্ষসকলক সাক্ষাৎ কৰাৰ লগতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। এই ভ্ৰমণৰ সময়তে বিদেশ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰোমত অনুষ্ঠিত হ’বলগীয়া এম ই ডি ভূমধ্যসাগৰীয় আলোচনাৰ দশম সংস্কৰণতো অংশগ্ৰহণ কৰিব। এই ভ্ৰমণকালতে ড° জয়শংকৰে ৰোমত ভাৰতীয় দূতাবাসৰ নতুন চৌহদো উদ্বোধন কৰিব।
Site Admin | November 24, 2024 11:30 AM | Dr. S Jaishankar