উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তিনিদিনীয়া ভ্রমণসূচীৰে আজি কেন্দ্ৰীয়শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলী, দমন আৰু ডিউত উপস্থিত হৈছে। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ এয়া প্ৰথম কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণ। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰী ধনখড়ে দমনৰ জামপ’ৰত এটা পক্ষী গৃহ মুকলি কৰে। তেওঁ লগতে জামপ্ৰিনৰ এটা স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কাইলৈ তেওঁ দাদ্ৰা আৰু নগৰ হাভেলীৰ ছিলভাছাত নমো চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান ভ্রমণ কৰিব। তেওঁ লগতে প্রতিষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰী আৰু ফেকাল্টীসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ উপৰি ছিলভাছাৰ পশ্চিম মণ্ডল সাংস্কৃতিক কেন্দ্ৰত এটা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বিয়লিৰ ভাগত তেওঁ ডিউৰ পৌৰসভাৰ আৰু স্থানীয় নিকায়সমূহৰ প্ৰতিনিধিসকলৰ সৈতে মিলিত হ’ব।
Site Admin | September 20, 2024 7:58 PM | VP Visit
তিনিদিনীয়া ভ্রমণসূচীৰে উপ-ৰাষ্ট্ৰপতি কেন্দ্ৰীয়শাসিত অঞ্চল দাদ্ৰা আৰু নগৰ হাভেলী, দমন আৰু ডিউত উপস্থিত
