September 8, 2024 8:25 PM | Abu Dhabi Prince

printer

তিনিদিনীয়া ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত আবুধাৱিৰ ৰাজকুমাৰ

আবুধাৱিৰ ৰাজকুমাৰ শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানে আজি তিনিদিনীয়া ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ৰাজকুমাৰগৰাকীক বিমান বন্দৰত আদৰণি জনাই। আবুধাৱিৰ ৰাজকুমাৰ হিচাপে তেওঁৰ এয়া প্ৰথম বাৰত ভ্ৰমণ। এই ভ্ৰমণত সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ কেইবাগৰাকীও মন্ত্ৰী তথা ব্যৱসায়িক প্রতিনিধিয়ে তেওঁক সংগ দিছে। ৰাজকুমাৰগৰাকীয়ে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন বিষয় আলোচনা কৰিব। তদুপৰি নাহিয়ানে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ লগতে ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিব। ৰাজকুমাৰগৰাকীয়ে অহা মঙলবাৰে মুম্বাইত উপস্থিত হৈ এখন বাণিজ্যিক সন্মিলনত অংশগ্রহণ কৰিব। এই সন্মিলনত দুয়োখন দেশৰ বাণিজ্যিক কর্ণধাৰসকলে অংশগ্রহণ কৰিব। বিগত কেইবছৰমানত ভাৰত আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ ব্যাপক কৌশলগত মিত্ৰতা, ৰাজনৈতিক, বাণিজ্য, বিনিয়োগ, সংযোগ, শক্তি, প্রযুক্তি, শিক্ষা আৰু সংস্কৃতিকে ধৰি ব্যাপক পৰিসৰৰ ক্ষেত্ৰত গভীৰ হৈ পৰিছে। ৰাজকুমাৰগৰাকীৰ এই ভ্রমণে দুয়োখন দেশৰ এই সম্পৰ্ক অধিক গভীৰ কৰি তোলাৰ লগতে বিভিন্ন নতুন ক্ষেত্ৰত মিত্ৰতাৰ সুযোগ মুকলি কৰিব ।

অধিক পঢ়ক

সকলো চাওক