ভূটানত তিনি দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আজি ভূটানৰ ৰাজধানী থিম্বুত উপস্থিত হৈছেগৈ। থিঙ্কু বিমান বন্দৰত মুখ্যমন্ত্ৰীগৰাকীক দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলে আদৰণি জনায়। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকৰ আমন্ত্রণমৰ্মে দেশখনৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশ ল’বলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰখন ভ্ৰমণলৈ গৈছে। তিনিদিনীয়া এই ভ্রমণকালত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমৰ কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ প্ৰস্তাৱিত ৰে’ল পথ নিৰ্মাণ সম্পৰ্কেও দেশখনৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হ’ব। তদুপৰি অসম তথা ভাৰতৰ সৈতে ভূটানৰ সম্পৰ্ক উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে দেশখনৰ ৰজা আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰিব। এই ভ্রমণে প্রতিবেশী ৰাষ্ট্ৰখনৰ সৈতে অসমৰ বন্ধুত্বৰ এনাজৰী কটকটীয়া কৰি তুলিব বুলি আশা কৰা হৈছে।
Site Admin | December 16, 2024 8:15 PM | CM Bhutan Visit