ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সৰ্বাংগীণ উন্নয়নৰ লক্ষ্যৰে সমগ্ৰ অসমত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা তৃতীয় স্বাস্থ্য সেৱা উৎসৱৰ আজি সামৰণি পৰে। ২০২২ বৰ্ষৰ পৰা ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ সৰ্বাত্মক মূল্যায়নৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে। এই উৎসৱৰ সময়ছোৱাত ৰাজ্যৰ প্ৰায় এহেজাৰ ছশ স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱা আৰু আন্তঃগাঁথনি মূল্যায়ন কৰা হয় ৷
আমাৰ আগৰ বাতৰিত কোৱা হৈছে যে কামৰূপ মহানগৰ জিলাৰ ৫৬টা স্বাস্থ্য কেন্দ্র, শিৱসাগৰৰ ৪৫ খন চিকিৎসালয়, মাজুলীৰ ১৬টা স্বাস্থ্য কেন্দ্ৰ, দৰং জিলাত ৪৭টা স্বাস্থ্য কেন্দ্ৰ, তিনিচুকীয়াৰ ১৭ খন চিকিৎসালয় আৰু ৫টা আয়ুষ্মান আৰোগ্য মন্দিৰৰ লগতে কমেও ৫৫ খন চিকিৎসা প্রতিষ্ঠান, গোলাঘাট জিলাৰ ৭১ খন আৰু নগাঁও জিলাৰ ৩২ খন চৰকাৰী চিকিৎসালয়, চৰাইদেউ জিলাৰ ৩৮টা আৰু কাৰ্বি আংলং জিলাৰ ৩৬টা চিকিৎসা প্রতিষ্ঠানত তিনিদিনীয়াকৈ স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হয়। একেদৰে লখিমপুৰ জিলাত ৫২ খন চিকিৎসালয়, বঙাইগাঁও জিলাৰ ২৯টা স্বাস্থ্যকেন্দ্ৰ, ওদালগুৰি জিলাৰ ৫০ খন চিকিৎসালয়, চিৰাং জিলাৰ ৩৪টা স্বাস্থ্য কেন্দ্ৰ, নলবাৰী জিলাৰ ৫৮ খন চিকিৎসালয় আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ ১৭টা স্বাস্থ্যকেন্দ্ৰতো এই কাৰ্যসূচী ৰূপায়িত হয়। গোৱালপাৰা জিলাত ৫১টা চৰকাৰী স্বাস্থ্য প্রতিষ্ঠানক সামৰি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
Site Admin | December 5, 2024 8:50 PM | Akashvani
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা তৃতীয় স্বাস্থ্য সেৱা উৎসৱৰ আজি সামৰণি
