September 15, 2024 11:51 AM | PM Modi 3 state visit

printer

তিনিদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি তিনিদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণলৈ যাব। শ্ৰী মোদীয়ে আজি ঝাৰখণ্ডলৈ যাব আৰু জামছেদপুৰৰ টাটা নগৰ ৰে’লৱে ষ্টেচনৰ পৰা টাটা নগৰ-পাটনা বন্দে ভাৰত ৰে’ল গাড়ীকে ধৰি ৬ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰিব। ৰে’ল নেটৱৰ্কৰ আধুনিকীকৰণ আৰু ঝাৰখণ্ড তথা চুবুৰীয়া ৰাজ্যসমূহৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে গ্রহণ কৰা প্ৰয়াসৰ অংশ হিচাপে এই ৰেলগাড়ীসমূহৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হ’ব। শ্ৰী মোদীয়ে লগতে ৬ হেজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ ৰে’ল প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰা হ’ব। তেওঁ লগতে টাটা নগৰত প্ৰধানমন্ত্রী আবাস যোজনা গ্রামীণৰ ২০ হাজাৰ হিতাধিকাৰীৰ মাজত অনুদান পত্ৰ বিতৰণ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রী শিৱৰাজ সিং চৌহান, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ঝাৰখণ্ড বিজেপিৰ মুৰববী বাবুলাল মাৰান্দিও উপস্থিত থাকিব। শ্রী চৌহানে কয় যে, প্রধানমন্ত্রীয়ে মাত্র এটা ক্লিকৰ জৰিয়তে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ৫ কোটিৰো অধিক টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰিব। ৪৬ হাজাৰ হিতাধিকাৰীৰ নৱনিৰ্মিত বাসগৃহৰ গৃহ প্ৰৱেশ কাৰ্যসূচীও অনুষ্ঠিত কৰা হ’ব বুলি শ্ৰী চৌহানে লগতে জানিবলৈ দিয়ে। এই অনুষ্ঠানৰ পূৰ্বে শ্ৰী মোদীয়ে ডেৰ কিলোমিটাৰ জোৰা এটা ৰোড শ্ব’তো অংশগ্রহণ কৰিব । কাইলৈ শ্ৰী মোদীয়ে গুজৰাটৰ গান্ধী নগৰত প্রধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে গান্ধী নগৰৰ মহাত্মা মন্দিৰত চতুর্থ গোলকীয় নৱীকৰণযোগ্য শক্তি বিনিয়োগকাৰীসকলৰ সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰিব। সন্ধিয়াৰ ভাগলৈ শ্ৰী মোদীয়ে আহমেদাবাদত ৮ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব। মঙলবাৰে প্রধানমন্ত্রী গৰাকী ওড়িশালৈ যাব। তাত তেওঁ প্রধানমন্ত্রী আবাস যোজনা-নগৰীয়াৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। শ্রী মোদীয়ে ভূবনেশ্বৰত ৩ ৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্রকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব ৷

অধিক পঢ়ক

সকলো চাওক