কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ যোৱানিশা তিনিদিনীয়া ছত্তিশগড় ভ্রমণসূচীৰে ৰায়পুৰত উপস্থিত হয়। শ্ৰীশ্বাহে আজি নক্সাল বিৰোধী অভিযান সম্পৰ্কীয় এলানি বৈঠকত অধ্যক্ষতা কৰিব। শ্ৰীশ্বাহে পুৱাৰ ভাগত ৰায়পুৰ জিলাৰ চম্পাৰণৰ মহাপ্ৰভু বল্লভাচার্য আশ্ৰম পৰিদৰ্শন কৰিব। তেওঁ লগতে আন্তঃৰাজ্যিক সমন্বয় সন্দৰ্ভত ছত্তিশগড় আৰু চুবুৰীয়া ৰাজ্যসমূহত মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানসকলৰ বৈঠকত অধ্যক্ষতা কৰিব। তেওঁ ৰাজ্যৰ বাওঁপন্থী উগ্রবাদ প্ৰভাৱিত এলেকাৰ সুৰক্ষা আৰু বিকাশ সম্পৰ্কীয় আন এখন বৈঠকতো পৌৰহিত্য কৰিব। যোৱাবছৰ বিধানসভা নিৰ্বাচনত বিজেপি ক্ষমতালৈ অহাৰ পাছৰে পৰা ছত্তিশগড়ত নক্সাল বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। ৰাজ্যখনত চলিতা বৰ্ষত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘর্ষত ১৪২ জন নক্সালবাদী নিহত হৈছিল । শ্ৰীশ্বাহে কাইলৈ পুৱা চাৰে ১০ বজাত ৰায়পুৰৰ কেন্দ্ৰীয় মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰৰ কাৰ্যালয় মুকলি কৰিব আৰু এখন পর্যালোচনা বৈঠকত মিলিত হ’ব। ইয়াৰ পাছত তেওঁ ছত্তিশগড়ত সমবায় খণ্ডৰ বিকাশ সম্পৰ্কীয় এখন বৈঠকত অংশগ্ৰহণ কৰিব।
Site Admin | August 24, 2024 11:41 AM | Amit Shah Visit