আয়ুষ্মান ভাৰত ডিজিটেল ভাৰত অভিযানৰ অধীনত যোৱা তিনিটা বছৰত ৬৭ কোটিতকৈও অধিক আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট চমুকৈ আভাৰ সুবিধা প্ৰদান কৰা হৈছে। এই ডিজিটেল স্বাস্থ্য সেৱা অভিযানে কালি তিনিটা বছৰ সম্পূৰ্ণ কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি, এই অভিযানৰ অধীনত ৪২ কোটিতকৈও অধিক লোকক আভাৰ সৈতে সংযোগ কৰা হৈছে । ইয়াৰ অধীনত স্বাস্থ্য সেৱাৰ সৈতে জড়িত ৪ কোটি ৭ লাখ লোকে ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা প্ৰদানকাৰী পঞ্জীয়নৰ অধীনত সফলতাৰে পঞ্জীয়ন কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে, দেশৰ ডিজিটেল স্বাস্থ্য সেৱাৰ সুবিধাসমূহ অধিক ত্বৰান্বিত কৰাৰ লগতে ইয়াক স্বচ্ছ আৰু সুচল কৰি তোলাৰ ক্ষেত্ৰত এই অভিযানে সফলতাৰে তিনিটা বছৰ সম্পূৰ্ণ কৰে।
Site Admin | September 28, 2024 10:46 AM | Ayushman Account