ডাউনলোড
মোবাইল এপ

android apple
signal

তিনিচুকীয়া জিলাৰ বিধানসভা সমষ্টিৰ ৮৩,৯৫২ জন হিতাধিকাৰীৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ

তিনিচুকীয়া জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিৰ ৮৩,৯৫২ জন হিতাধিকাৰীৰ মাজত আজি নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব। এই উপলক্ষে মাকুম বিধানসভা সমষ্টিৰ বাবে তিনিচুকীয়া নগৰৰ বৰগুৰি আই টি আই খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত হিতাধিকাৰীসকলক এই ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব । অনুষ্ঠানত অসম চৰকাৰৰ গৃহ নিৰ্মাণ নিগমৰ অধ্যক্ষ পুলক গোহাঁই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। উল্লেখযোগ্য যে এই ৰেচন কাৰ্ড প্ৰদানৰ জৰিয়তে সমষ্টিটোত নতুনকৈ ৮,০৩১টা পৰিয়ালৰ ১৩,৭৪৮ জন হিতাধিকাৰী উপকৃত হ’ব। আনহাতে ডুমডুমা বিধানসভা সমষ্টিৰ ৰূপাই চাইদিঙৰ সৌৰভ কলা কেন্দ্ৰত আয়োজিত ৰেচন কাৰ্ড বিতৰণৰ আন এটা অনুষ্ঠানত মুখ্য অতিথি হিচাপে শ্ৰম আৰু চাহ শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই অংশগ্ৰহণ কৰিব। সমষ্টিটোৰ নতুন হিতাধিকাৰী পৰিয়ালৰ সংখ্যা হৈছে ৫,৬৬০ আৰু জনসংখ্যা হৈছে ১৪,৮৮৩। ডিগবৈ বিধানসমষ্টিত ৫,৬০৬ খন নতুন ৰেচন কার্ড আজি বিতৰণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক