আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে তিনিচুকীয়া জিলাৰ পঞ্চায়ত সমষ্টিসমূহৰ খচৰা ভোটাৰ তালিকা প্রকাশ কৰা হৈছে। ২২টা জিলা পৰিষদ সমষ্টিৰ অধীনৰ ৭টা আঞ্চলিক পঞ্চায়ত আৰু ৮৬খন গাঁও পঞ্চায়ত সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৮লাখ ২৮ হাজাৰ ৩২৫। ইয়াৰে ৪লাখ ৬হাজাৰ ৭৮৭জন পুৰুষ আৰু ৪লাখ ২১ হাজাৰ ৫০৭গৰাকী মহিলা। কোনো লোকে ভোটাৰ তালিকাৰ সন্দৰ্ভত কিবা দাবী বা আপত্তি দাখিল কৰিব বিচাৰিলে আজিৰ পৰা ২১ ডিচেম্বৰৰ ভিতৰত সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া বা জিলা আয়ুক্ত কাৰ্যালয়ত অথবা অনলাইন যোগে দাখিল কৰিব পাৰিব বুলি জিলা আয়ুক্তই সদৰি কৰিছে। প্ৰকাশিত খচৰা তালিকা গাঁও পঞ্চায়ত কার্যালয়, খণ্ড উন্নয়ন কাৰ্যালয়, জিলা পৰিষদ আৰু জিলা আয়ুক্ত কাৰ্যালয়ত বা জিলা প্ৰশাসনৰ ৱেব চাইটত চাব পাৰিব এইবাৰৰ নিৰ্বাচন ৯৫৮ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব। গাঁও পঞ্চায়ত ৱাৰ্ডৰ সংখ্যা হৈছে ৮৬০।ইফালে, ৬০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত আজি তিনিচুকীয়াৰ বৰগুৰিস্থিত ল’ৰাৰ আই আই টি খেলপথাৰত মেধা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে চাইকেল বিতৰণ কৰা হ’ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যৰ শ্ৰম আৰু চাহ শ্রমিক কল্যাণ তথা গৃহ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত থাকিব।
Site Admin | December 14, 2024 10:51 AM | Assam | Panchyat election | Tinisukia