May 7, 2024 9:36 PM | Local news

printer

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত যোৱা নিশা এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। জিলাখনৰ আওজাৰগুৰি গাওঁৰ ধনীৰাম নাৰ্জাৰী নামৰ লোকজনৰ হাতীৰ আক্ৰমণত মৃত্যু হোৱাৰ লগতে আন এজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, যোৱা নিশা অঞ্চলটোৰ এটা পৰিয়ালৰ বাৰীত সোমাই হাতীটোৱে উপদ্রপ চলোৱাৰ সময়ত হাতীটো খেদিবলৈ যাওতে হাতীটোৱে ওলোতাই আক্ৰমণ কৰাত এজন লোক থিতাতে নিহত হয় আৰু আন এজন গুৰুতৰভাৱে আহত হয়। উল্লেখযোগ্য যে যোৱা ১৫ দিনৰ ভিতৰত বনৰীয়া হাতীৰ আক্ৰমণত তামুলপুৰত দুজন লোকৰ মৃত্যু হৈছে।

অধিক পঢ়ক

সকলো চাওক