May 12, 2024 11:29 AM | ISRO

printer

তামিলনাডুত ইছৰোৰ তৰল ৰকেট ইঞ্জিনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO-ই Additive Manufacturing প্রযুক্তি ব্যৱহাৰ কৰি তৰল ৰকেট ইঞ্জিনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰি নতুন ইতিহাস ৰচনা কৰিছে। তামিলনাডুৰ মহেন্দ্রগিৰত থকা ISRO-ব Propulsion Complex অর্থাৎ প্রণোদন চৌহদত শুকুৰবাৰে এই পৰীক্ষা সম্পন্ন কৰা হয়৷ নতুনকৈ বিকশাই তোলা এই PS4 ইঞ্জিনত যন্ত্ৰাংশৰ সংখ্যা ১৪ৰ পৰা ১ লৈ হ্ৰাস পাইছে। ইয়াৰ ফলত প্ৰতিটো ইঞ্জিনৰ বাবদ ব্যৱহাৰ কৰা কেঁচা সামগ্ৰী ৰাহি হ’ব। ইঞ্জিনটোত ব্যৱহৃত ধাতুৰ পৰিমাণ পূৰ্বৰ ৫৫৬ কিলোগ্ৰামৰ পৰা ১৩.৭ কিলোগ্ৰামলৈ হ্ৰাস পাব আৰু মুঠ উৎপাদন সময়ো ৬০ শতাংশ ৰাহি হ’ব। নতুন ইঞ্জিনটো PSLV উৎক্ষেপণ যানৰ চতুৰ্থ পর্যায় আৰু PSLV উৎক্ষেপণ যানৰ প্ৰথম পৰ্যায়ৰ প্রতিক্রিয়া নিয়ন্ত্ৰণ প্ৰণালীত ব্যৱহাৰ কৰা হ’ব। ISRO-ই নিয়মীয়া PSLV কাৰ্যসূচীৰ বাবে এই ইঞ্জিন ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।

অধিক পঢ়ক

সকলো চাওক