ডাউনলোড
মোবাইল এপ

android apple
signal

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজু প্ৰয়াগৰাজৰ মহাকুম্ভ নগৰত উপস্থিত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজুৱে আজি প্ৰয়াগৰাজৰ মহাকুম্ভ নগৰৰ চেক্টৰ ফ’ৰত স্থাপন কৰা আকাশবাণী আৰু দূৰদৰ্শনৰ শিবিৰ কাৰ্যালয় পৰিদৰ্শন কৰি মহাকুম্ভৰ বিস্তৃত কাৰ্যসূচীৰ সম্প্ৰচাৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সচিবগৰাকীয়ে কয়, যে প্ৰচাৰ ভাৰতীয়ে মহাকুম্ভৰ সম্প্ৰচাৰৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মহাকুম্ভৰ বিভিন্ন কাৰ্যসূচী তথা কাৰ্যকলাপৰ সৈতে জড়িত তথ্যসমূহ প্ৰচাৰ কৰিছে। তেওঁ কয়, যে আকাশবাণী আৰু দূৰদৰ্শনে মহাকুম্ভৰ গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় বিষয়সমূহ প্ৰচাৰ কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰিছে। ত্রিবেনী সংগমত ভক্তসকলে একেলগে পৱিত্ৰ স্নান কৰাৰ জৰিয়তে মহাকুম্ভই একতাৰ বাৰ্তা বিয়পাইছে বুলি শ্রী জাজুৱে উল্লেখ কৰে। সচিবগৰাকীয়ে পাছত মহাকুম্ভমেলাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ প্ৰদৰ্শনিকে ধৰি ভাৰত চৰকাৰৰ বিভিন্ন প্ৰদৰ্শনীসমূহ প্ৰত্যক্ষ কৰে। ইয়াৰ পূৰ্বে দিনৰ ভাগত শ্ৰী জাজুৱে ত্ৰিৱেনী সংগমত পৱিত্ৰ স্নান কৰে।

অধিক পঢ়ক

সকলো চাওক