August 11, 2024 7:35 PM | Ashok singhal

printer

ঢেকীয়াজুলীত মন্ত্রী অশোক সিংহালৰ ছাত্ৰীসকলক মুখ্যমন্ত্ৰী নিযুত ম‍ইনা আঁচনিৰ আবেদন প্ৰ-পত্ৰ বিতৰণ

গৃহনির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী অশোক সিংহালে আজি ঢেকীয়াজুলীৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত ছাত্ৰীসকলক মুখ্যমন্ত্ৰী নিযুত ম‍ইনা আঁচনিৰ আবেদন প্ৰ-পত্ৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাগদৰ্শনত অসম চৰকাৰে গ্ৰহণ কৰা এই অভিলাসী আঁচনিৰ জৰিয়তে ৰাজ্যৰ ১০ লাখ যুৱতীৰ সৱলীকৰণ সম্ভৱপৰ হৈ উঠিব বুলি শ্রী সিংহালে আশা প্রকাশ কৰে। তেওঁ কয় যে, নিযুত ম‍ইনা আঁচনিয়ে কন্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত আর্থিক বৰঙণি যোগোৱাৰ জৰিয়তে সমাজৰ পৰা বাল্য বিবাহৰ দৰে অশুভ পৰম্পৰাসমূহ আঁতৰ কৰাত সফল হ’ব। আনহাতে তিনিচুকীয়া জিলাতো কেইবাখনো মহাবিদ্যালয়ত শ্রম মন্ত্রী সঞ্জয় কিষানে এই আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তিনিচুকীয়া মহাবিদ্যালয় আৰু তিনিচুকীয়া মহিলা মহাবিদ্যালয়কে ধৰি ছখন মহাবিদ্যালয়ত প্ৰ-পত্ৰ বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে আঁচনিখন ছাত্ৰীসকলৰ শিক্ষাৰ বাটৰ হেঙাৰ আঁতৰ কৰিবলৈ অসম চৰকাৰৰ এটা সুন্দৰ প্ৰচেষ্টা বুলি মত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক