ডাউনলোড
মোবাইল এপ

android apple
signal

ঢাকাত থকা ভাৰতৰ উচ্চ আয়োগে দেশখনত বসবাস কৰা ভাৰতীয়সকলৰ বাবে জৰুৰী পৰামৰ্শ জাৰি

প্রতিবেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঢাকাত থকা ভাৰতৰ উচ্চ আয়োগে দেশখনত বসবাস কৰা ভাৰতীয়সকলৰ বাবে জৰুৰী পৰামৰ্শ জাৰি কৰিছে। আয়োগে দেশখনৰ ঘটনাৰাজিৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সম্প্ৰদায়ৰ সদস্য আৰু ছাত্ৰ-ছাত্ৰীসকলক স্থানীয় অঞ্চলসমূহ ভ্ৰমণ কৰাৰ পৰা বিৰত থকাৰ লগতে নিজৰ বাসস্থানৰ পৰা অত্যন্ত প্ৰয়োজন নহ’লে ওলাই নাযাবলৈ পৰামৰ্শ দিছে। আয়োগে লগতে জৰুৰী অৱস্থা বা যিকোনো সহায়ৰ প্ৰয়োজন হ’লে ভাৰতীয় উচ্চ আয়োগ আৰু সহকাৰী উচ্চ আয়োগৰ ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা জৰুৰীকালীন নম্বৰত যোগাযোগ কৰিবলৈ পৰামৰ্শ দিছে।
ইপিনে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পাছত দেশখনৰ সৈতে থকা ৰাজ্যখনৰ সীমান্তক লৈ অসম চৰকাৰে যথেষ্ট সতর্কতা অৱলম্বন কৰাৰ লগতে পর্যাপ্ত নিৰাপত্তা ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। আনহাতে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কালি বাংলাদেশৰ সৈতে সংলগ্ন হৈ থকা অসমৰ জিলাকেইখনৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধান বৈঠকত মিলিত হয়। ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত এই বৈঠকত কাছাৰ, কৰিমগঞ্জ, গোৱালপাৰা, মানকাচৰ আৰু ধুবুৰী জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক সীমান্তত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে, মুখ্য সচিব ড° ৰবি কোটাৰ লগতে আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে সীমান্তৰ পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ কোৱাৰ লগতে ২৪ ঘণ্টাই সতৰ্ক হৈ থাকিবলৈও জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নির্দেশ দিয়ে।
ইফালে, বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে ন’বেল বঁটা প্ৰাপক মহম্মদ ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰবৰী হিচাপে নিয়োগ কৰিছে। ঢাকাৰ ৰাষ্ট্ৰপতি ভৱনত কালি সেনাবাহিনীৰ তিনিওটা শাখাৰ মুৰব্বী আৰু ছাত্র আন্দোলনৰ ১৩জনীয়া প্ৰতিনিধিবর্গৰ সৈতে ৰাষ্ট্ৰপতি চাহাবুদ্দিনৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

অধিক পঢ়ক

সকলো চাওক