ডাউনলোড
মোবাইল এপ

android apple
signal

June 23, 2024 8:55 PM | J P Nadda

printer

ড° শ্যামা প্রসাদ মুখাৰ্জীৰ মৃত্যু বার্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ শ্ৰদ্ধাৰ্ঘ্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ শ্বহীদ দিৱস উপলক্ষে বিশিষ্ট চিন্তাবিদ তথা শিক্ষাবিদগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। শ্রীমোডীয়ে সামাজিক মাধ্যমযোগে কৈছে যে ড০ মুখার্জীয়ে তেওঁৰ সমগ্ৰ জীৱন ভাৰত মাতৃৰ সেৱাৰ নামত উসৰ্গা কৰি থৈ গৈছে। প্রধানমন্ত্ৰীয়ে লগতে ড০ মুখাৰ্জীৰ গতিশীল ব্যক্তিত্বই দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি মন্তব্য কৰে।

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ড° শ্যামা প্রসাদ মুখাৰ্জীৰ মৃত্যু বার্ষিকী উপলক্ষে পুষ্পঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জ্ঞাপন কৰে। নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গছপুলিও বিতৰণ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী নাড্ডাই কয় যে প্রয়াত শ্যামা প্রসাদ মুখার্জী বহুমুখী প্রতিভাৰ অধিকাৰী আছিল। এজন দেশপ্রেমিক, শিক্ষাবিদ আৰু সামাজিক ন্যায়ৰ অধিবক্তা হিচাপে তেওঁ সদায়েই স্মৰণীয় বুলিও তেওঁ উল্লেখ কৰে। ১৯৫৩ চনৰ ২৩ জুনত শ্ৰীনগৰত ৫১ বছৰ বয়সত ড° শ্যামা প্রসাদ মুখাৰ্জীৰ মৃত্যু হৈছিল ।

অধিক পঢ়ক

সকলো চাওক