■ সাংস্কৃতিক মন্ত্রী বিমল বৰাই কালি ডুবাইৰ এটা ৰোড শ্ব’ত এডভান্টেজ আছাম বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ চলায়। সম্ভাৱ্য বিনিয়োগকাৰীসকলক উৎসাহিত কৰিবলৈ এই ৰোড শ্ব’ত অসমৰ অৰ্থনৈতিক উন্নয়ন আৰু বিনিয়োগ সম্ভাৱনাসমূহ প্ৰদৰ্শন কৰা হয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ডুবাইৰ হিলটন হোটেলত আয়োজিত এখন বিনিয়োগকাৰীৰ বৈঠকতো মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে অসমে পৰম্পৰাগত উদ্যোগৰ পৰা অত্যাধুনিক প্রযুক্তিগত সা-সুবিধালৈকে বিভিন্ন উদ্যোগ আৰু উদ্ভাৱন খণ্ডত বিনিয়োগ কৰাৰ বাবে অনন্য সুযোগ আগবঢ়াইছে। তেওঁ লগতে আন্তঃগাঁথনি উন্নয়নমূলক প্রকল্পসমূহতো বিনিয়োগকাৰীসকলে বিনিয়োগৰ লাভজনক সুযোগ গ্ৰহণ কৰিব পাৰে বুলি উল্লেখ কৰে। ৭ খন ৰাষ্ট্ৰীয় উদ্যান, ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিপ্রাপ্ত ৩টা স্থানসহ অসমৰ প্ৰাকৃতিক ঐতিহ্যৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে সুগন্ধিৰ বাবে জনাজাত অগৰুৰ ৯৭ শতাংশ অসমতে পোৱা যায়।ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যম এক্সযোগে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত আন্তঃগাঁথনি উন্নয়ন, ইলেক্ট্ৰনিকছ আৰু ছেমি কণ্ডাক্টৰ, মহাকাশ আৰু প্ৰতিৰক্ষা নিৰ্মাণ, নৱীকৰণযোগ্য শক্তি আৰু হাইড্ৰ কাৰ্বন, পর্যটন, সুগন্ধি, পৰিবহণ, খাদ্য আৰু শীতল পানীয় খণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব বুলি প্ৰকাশ কৰে। গুৱাহাটীত অহা মাহত হ’বলগীয়া এই সন্মিলনে বিভিন্ন খণ্ডৰ পক্ষসমূহক ঐক্যবদ্ধ কৰিব বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, যে অনাগত সময়ত ৰাজ্যৰ জনসাধাৰণক অধিক চৰকাৰী চাকৰি আৰু উদ্যমশীলতা বিষয়ক সাহায্য প্ৰদান কৰা হ’ব। এডভান্টেজ আছাম সন্মিলনে ৰাজ্যখনলৈ বিনিয়োগ আকৰ্ষিত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
Site Admin | January 16, 2025 1:41 PM | Advantage Assam | Bimal Bora | Dubai