ডুবাইত শীঘ্ৰেই বিদেশী বাণিজ্যৰ ভাৰতীয় প্ৰতিষ্ঠান (IIFT)ৰ এটা নতুন চৌহদ মুকলি কৰা হ’ব বুলি কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীয়ূষ গোৱেলে ঘোষণা কৰিছে। নতুন দিল্লীত IIFTৰ ৫৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি শ্রী গোৱেলে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ দেশৰ উজ্জ্বল ভৱিষ্যৎ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যুৱ শিক্ষাৰ্থীসকলে পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে, দেশৰ ভৱিষ্যৎ সকলো কৰিব পৰা যুৱ প্ৰজন্মৰ হাতত আছে। মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানৰ যুৱ ভাৰতবৰ্ষ বিশ্বৰ সন্মুখত সম্পূৰ্ণ বিশ্বাসেৰে থিয় দিবলৈ সক্ষম হৈছে আৰু ১৪০ কোটি ভাৰতীয়ৰ ভাগ্য সঠিক ৰূপত গঢ় দিবলৈ তেওঁলোকৰ হাতত অপাৰ সুযোগ আছে।
Site Admin | November 11, 2024 8:27 PM | Union Minister Piyush Goyal announces new IIFT campus in Dubai