ডাউনলোড
মোবাইল এপ

android apple
signal

ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত পৰিষদৰ অনুমোদন

■ ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত কালি পৰিষদে অনুমোদন জনায়। পৰিষদৰ বিত্ত বিভাগৰ কাৰ্যবাহী সদস্য ধনপেইনন থাউছেনে দাখিল কৰা চলিত বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত সদনত অনুষ্ঠিত দীঘলীয়া আলোচনাৰ পাছত বাজেটখন গৃহীত হয়। ইয়াৰ আগেয়ে পৰিষদৰ অধ্যক্ষ মোহিত হোজাইৰ অধ্যক্ষতাত বিত্ত বিভাগৰ কাৰ্যবাহী সদস্য ধনপেইনন থাউছেনে ১ হাজাৰ ২ কোটি ১১ লাখ ১৪ হাজাৰ টকাৰ বাজেট সদনত দাখিল কৰে। বাজেট অধিবেশনত ৩০জনীয়া পৰিষদৰ ২৮জন সদস্য উপস্থিত থাকে। কালি সদনত কাৰ্যবাহী সদস্য নিৰঞ্জন হোজাই আৰু সদস্যা নমৰাথাং মাৰে বাজেট সন্দৰ্ভত বিভিন্ন প্রশ্ন উত্থাপন কৰে। নিৰঞ্জন হোজাইয়ে বাজেটৰ ক্ষেত্ৰত স্বচ্ছতাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। একেদৰে নমৰাথাং মাৰেই পৰিষদৰ মুৰব্বী দেব’লাল গাৰ্লোছাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰে আৰু সমাধানৰ দাবী জনায়। অধিবেশনৰ অন্তত মুখ্য কাৰ্যবাহী সদস্য দেব’লাল গাৰ্লোছাই সংবাদ মাধ্যমৰ আগত পাহাৰীয়া জিলাসমূহৰ উন্নয়নৰ বাবে এইবাৰৰ বাজেটখন অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। এইবাৰৰ বাজেটত পাহাৰীয়া জিলাখনৰ যোগাযোগ ব্যৱস্থা, স্বাস্থ্য, পর্যটন আৰু কৃষি খণ্ডত অধিক গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক