ডিমা হাচাও জিলাত বিগত কিছু দিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা প্রশাসনে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা আগতীয়া জাননী অনুসৰি জিলা প্ৰশাসন আৰু জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণে জিলাখনত যান-বাহনৰ চলাচল কিছু নিয়ন্ত্ৰণ কৰিছে। এই অনুসৰি আজি নিশা ৮ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ গধুৰ বাণিজ্যিক বাহনসমূহে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা-হাৰাংহাজাও অংশ অতিক্ৰম কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পথটোৰ মেৰামতিৰ কাম চলি থকাৰ লগতে প্ৰচণ্ড বৰষুণে সৃষ্টি কৰা পৰিস্থিতিলৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। বৰাক উপত্যকাৰ পৰা অহা-যোৱা কৰা গধুৰ বাণিজ্যিক বাহনসমূহক বিকল্প পথ ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। পৰৱৰ্তী জাননী নিদিয়া পর্যান্ত মেঘালয়ৰ মাজেৰে যান-বাহনসমূহৰ চলাচল কৰোৱাবলৈ নিৰ্দেশ দিয়া হৈছে। সম্ভাৱ্য বিপজ্জনক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা কৰিবলৈ এনে পদক্ষেপ লোৱা হৈছে। উল্লেখযোগ্য যে, বতৰ বিজ্ঞান বিভাগে জিলাখনত ৫ মে’ৰ পৰা ১৫ মে পর্যান্ত ধাৰাষাৰ বৰষুণৰ আগজাননী দিছিল। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ প্ৰশাসনে জনসাধাৰণক নিতান্তই প্রয়োজন নহ’লে ঘৰৰ পৰা বাহিৰ নোলাবলৈ পৰামৰ্শ দিছিল। তদুপৰি প্ৰতিকূল বতৰত হ’ব পৰা সম্ভাব্য অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে সাজু হৈ থাকিবলৈও পৰামৰ্শ দিয়া হৈছিল। আনহাতে প্রতিকূল পৰিস্থিতিত জৰুৰীকালীনভাবে সহায় আগবঢ়াবলৈ জিলা জৰুৰীকালীন সহায় কেন্দ্ৰৰ টোলফ্ৰী নম্বৰ ০৩৬৭৩-২৩৬৩২৪ আৰু ০৩৬৭৩-১০৭৭ত যোগাযোগ কৰিবলৈ কোৱা হৈছে। কৰ্তৃপক্ষই জিলাখনত হ’ব পৰা যিকোনো পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।
Site Admin | May 4, 2024 8:16 PM | Dima Hasao Situation