ডিমাচা কছাৰী বীৰ শম্ভুধন ফংলোৰ ১৭৫ সংখ্যক জয়ন্তী উপলক্ষে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে স্বাধীনতা সংগ্রামত সক্রিয় ভূমিকা গ্ৰহণ কৰিছিল। স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত ডিমাচা কছাৰী বীৰ শম্ভুধন ফংলো অন্যতম আছিল বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ১৮৫৪ চনত ব্ৰিটিছ চৰকাৰে ডিমাচা কছাৰী ৰাজ্য দখল কৰাৰ পাছত বীৰগৰাকীয়ে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি প্রাণ আহুতি দিয়ে। এনে সংগ্ৰামীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো সকলোৰে কৰ্তব্য বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীপেগুৱে অসম বিশ্ববিদ্যালয়ত বৃহৎ পৰিসৰৰ জনজাতীয় ঐতিহ্য সংগ্ৰহালয় নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে। এই সংগ্ৰহালয়ত বীৰছা মুণ্ডাকে ধৰি প্ৰতিটো জাতিৰ স্বাধীনতা সংগ্ৰামীৰ ইতিহাস উপস্থাপন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীপেগুৱে পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰতো জনজাতীয় লোকসকলৰ বৰঙণিৰ প্ৰশংসা কৰে। অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, মন্ত্ৰী নন্দিতা গাৰ্লোছা, কৌশিক ৰায় তথা ধলাইৰ বিধায়ক নিহাৰ ৰঞ্জন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Site Admin | March 16, 2025 8:54 PM | Dr. Ranoj Pegu | VEER SAMBHUDHAN PHONGLO
ডিমাচা কছাৰী বীৰ শম্ভুধন ফংলোৰ ১৭৫ সংখ্যক জয়ন্তী উপলক্ষে শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত বীৰগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন
