ডাউনলোড
মোবাইল এপ

android apple
signal

March 21, 2025 10:43 AM | CM dibrugarh

printer

ডিব্ৰুগড় বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত অৱস্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত ডিব্ৰুগড় বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। ইতিপূর্বে অসম মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা ডিব্ৰুগড়-কেন্দ্ৰিক সিদ্ধান্তসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কালিৰ বৈঠকত পৰ্যালোচনা কৰে। ড০ শৰ্মাই মানকাটা পথত ৰে’লৱে উৰণ সেতু, পল্টন বজাৰ হৈ গ্রাহাম বজাৰৰ পৰা অতিথিশালালৈ পথৰ উন্নয়ন, আন্তঃৰাষ্ট্ৰীয় সন্মিলন কক্ষ, অসম চিকিৎসা মহাবিদ্যালয়ত বহুমহলীয়া কৰ্মচাৰী আৱাসগৃহ নির্মাণ আদি বিষয়সমূহ আলোচনা কৰি নিৰ্ধাৰিত সময়ত কামসমূহ সম্পূর্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। বৈঠকখনত তেওঁ লোকনির্মাণ, জলসম্পদ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, শক্তি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, ৰাজহ আদি বিভাগৰ অধীনত চলি থকা আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ অগ্ৰগতিৰো বুজ লয়। শৈক্ষিক দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰি ড০ শৰ্মাই সমাগত শিক্ষা বৰ্ষৰ আৰম্ভণিতে শিক্ষাৰ্থীসকলে পাঠ্যপুথি লাভ কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি সমগ্ৰ শিক্ষা অভিযানৰ অধীনত বিদ্যাৰ্থী আৰু শিক্ষকৰ নিয়মীয়া উপস্থিতিৰো খতিয়ান লয়। স্বাস্থ্য বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ লগতে টীকাকৰণ অভিযান, প্রসূতি আৰু শিশুৰ মৃত্যু হাৰ আদি বিষয়ৰো তেওঁ পর্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে অৰুণোদয়, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনি, সংহত যান-বাহন ব্যৱস্থাপনা প্রকল্প, ডিব্ৰুগড় আৰক্ষীৰ বিভিন্ন দিশ আদিৰো বুজ লয়। পর্যালোচনা বৈঠকখনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বৰা আৰু প্ৰশান্ত ফুকনৰ লগতে প্রশাসনিক তথা বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক