ডিব্ৰুগড় পৌৰ নিগমৰ ৫ খন মিনি ছুপাৰ চাকাৰ মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বচ্ছতাই সেৱা কাৰ্যসূচী চলি থকাৰ সময়তে আজি ডিব্ৰুগড় চহৰৰ নলা-নৰ্দমা চাফা কৰি ৰাখিবৰ বাবে ডিব্ৰুগড় পৌৰ নিগমৰ পাঁচখন মিনি ছুপাৰ চাকাৰ মুকলি কৰে। তিনিটাকৈ ডাম্পটেংক সংযোগ হৈ থকা প্ৰতিখন ছুপাৰ চাকাৰে চহৰখনত সৰু সৰু উপ-পথসমূহ সংলগ্ন নলা-নর্দমাসমূহো পৰিষ্কাৰ কৰিবলৈ সমৰ্থ হ’ব। এই কাৰ্যসূচীত সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন আৰু ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ তথা উপ-মেয়ৰকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে, স্বচ্ছতাই সেৱা-২০২৪ৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কৰ্মচাৰীসকলে কেন্দ্ৰটোৰ চাৰিওফালে চাফাই অভিযান হাতত লয়।

অধিক পঢ়ক

সকলো চাওক