ডাউনলোড
মোবাইল এপ

android apple
signal

October 31, 2024 11:53 AM | Sarbanada sonowal

printer

ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰস্তুত কৰা ভিজন-২০৪৫ৰ চূড়ান্ত পৰিকল্পনা মুকলি কৰি ২০৪৫ চনৰ ভিতৰত ডিব্ৰুগড় প্ৰদূষণমুক্ত চহৰ হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশা প্রকাশ

কেন্দ্ৰীয় জাহাজ পৰিবহণ, বন্দৰ আৰু জল পথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰস্তুত কৰা ভিজন-২০৪৫ৰ চূড়ান্ত পৰিকল্পনা মুকলি কৰি ২০৪৫ চনৰ ভিতৰত ডিব্ৰুগড় চহৰখন প্ৰদূষণমুক্ত চহৰ হ’ব বুলি আশা প্রকাশ কৰে। তেওঁ কয় যে, ডিব্ৰুগড়ৰ বহনক্ষম উন্নয়নৰ বাবে প্ৰচেষ্টা চলোৱাৰ সময়ত ইয়াৰ চহকী ঐতিহ্য আৰু ইতিহাসৰ কথা মনত ৰাখি আগবঢ়া উচিত। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০৪৭ চনৰ ভিতৰত দেশবাসীয়ে আত্মনিৰ্ভৰ ভাৰতক বাস্তৱায়িত কৰাৰ দিশত আগবঢ়া বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনা থকা ডিব্রুগড়েও আধুনিক, স্বাবলম্বী আৰু বহনক্ষম নগৰীয়া উন্নয়নৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ দিশত কাম কৰি আছে বুলি কয়। শ্ৰী সোণোৱালে ভৱিষ্যতে চহৰখনৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি কয় যে, নদী আৰু জলভাগো এই নগৰত অন্তৰ্ভুক্ত হ’ব। চহৰখনৰ উন্নয়নৰ পৰিকল্পনাত পৰিৱেশ ৰক্ষাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলিও তেওঁ উল্লেখ কৰে। আনহাতে কৃত্রিম বান ৰোধ কৰাৰ বাবে পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰা ওপৰটো তেওঁ গুৰুত্ব আৰোপ কৰে। শ্ৰী সোণোৱালে লগতে প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে আৰম্ভ কৰা ৱেষ্ট টু ৱেল্‌ল্থ বা ৱেষ্ট টু এনার্জি অর্থাৎ পেলনীয়া সামগ্ৰীক সম্পত্তি অথবা শক্তিলৈ পৰিণত কৰাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়েও তেওঁ কয়। এই সভাত সাংসদ ৰামেশ্বৰী তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনে আন বহুগৰাকী লোক উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক