ডিব্ৰুগড় জিলাৰ চাবুৱা পৌৰসভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ সর্বানন্দ সোণোৱালৰ

Image

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ চাবুৱা পৌৰসভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে পৌৰসভাৰ অন্তৰ্গত এলেকাৰ উন্নয়ন সন্দৰ্ভত আঁচনি প্ৰস্তুত কৰিবলৈ দায়বদ্ধ বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি কয় যে, অসমৰ নদীপৃষ্ঠসমূহৰ বহনক্ষমতা ক্ৰমাৎ কমি আহিছে।

Image

এই ক্ষমতা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে চিন্তা চৰ্চা অব্যাহত ৰাখিছে বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ পৰিবহন বিভাগৰ মন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড় চহৰৰ নালিয়াপুল অঞ্চলৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত শ্ৰীসোণোৱালে ডিব্ৰুগড় নগৰ সুৰক্ষাৰ বাবে প্রয়োজনীয় নলাসমূহৰ বেদখলৰ বিষয়টোত উদ্বেগ প্রকাশ কৰে।

Image

শ্ৰীসোণোৱালে কয় যে, নলাসমূহৰ সংকোচনৰ ফলত অঞ্চলটোত পানী জমা হৈছে আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা পাৰ কৰিছে। চহৰখনৰ বান সমস্যা নিৰ্মূল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে ব্যৱস্থা হাতত লব বুলি শ্ৰীসোণোৱালে আশ্বাস প্ৰদান কৰে।

অধিক পঢ়ক

সকলো চাওক