ডিব্ৰুগড় জিলাত ই-শ্ৰম প’ৰ্টেলত পঞ্জীভুক্ত যোগ্য ব্যক্তিসকলৰ ৰাষ্ট্ৰৰ খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত ৰেচন কাৰ্ড প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ২০২১ চনৰ আগষ্ট মাহৰ পৰা ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত ডিব্ৰুগড় জিলাত ই-শ্ৰম প’ৰ্টেলত পঞ্জীভুক্ত যোগ্য ব্যক্তিসকলে ৰাষ্ট্ৰৰ খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত ৰেচন কাৰ্ড প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে আজি বৰবৰুৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত খণ্ড উন্নয়ন বিষয়াৰ অধ্যক্ষতাত পর্যবেক্ষণ সমিতিৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়। সভাত ২৩৬ গৰাকী হিতাধিকাৰীয়ে দাখিল কৰা আবেদনসমূহ চালি-জাৰি চোৱা হয়। ডিব্ৰুগড় জিলাত যাতে এগৰাকীও হিতাধিকাৰী বাদ নপৰে, সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ জিলা আয়ুক্তই নির্দেশ দিছে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা তালিকাত নাম অন্তর্ভুক্ত ব্যক্তিসকলক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান অথবা নাম অন্তৰ্ভুক্তিকৰণ প্ৰক্ৰিয়া অহা ১৩ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক