মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত পথ সুৰক্ষা সম্পৰ্কীয় এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাজ্যখনত সংঘটিত পথ দুর্ঘটনা, পথ সুৰক্ষা আইন বলৱৎ, পৰিবহণ আৰু আৰক্ষী বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত লোৱা ব্যৱস্থা আদি বিষয়ত পর্যালোচনা কৰা হয়। দুৰ্ঘটনা বোধ কৰাৰ বাবে নিশা ১০ বজাৰ পাছত সুৰাপান কৰি গাড়ী চলাব নোৱাৰাকৈ অহা ১৫ জানুৱাৰীলৈকে সমগ্ৰ ৰাজ্যতে কঠোৰ পদক্ষেপ ল’বলৈ আৰক্ষী আৰু পৰিবহণ বিভাগক মুখ্যমন্ত্রীয়ে নির্দেশ প্রদান কৰে। একেদৰে ৰাজ্যৰ গ্রামাঞ্চলসমূহত দুর্ঘটনা বোধ কৰাৰ বাবে ১ কিলোমিটাৰৰ ভিতৰত দুটাকৈ স্পীড ব্ৰেকাৰ নিৰ্মাণ কৰিবলৈও মুখ্যমন্ত্রীয়ে প্ৰশাসনক নির্দেশ প্রদান কৰিছে। বৈঠকতে বনভোজৰ দলসমূহলৈও মুখ্যমন্ত্রীয়ে কেতবোৰ নীতি- নির্দেশনা আগবঢ়াইছে।
Site Admin | December 25, 2024 11:53 AM | Assam CM Meeting