অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু আহোম জাতীয় গণমঞ্চৰ উদ্যোগত ডিব্ৰুগড়ত ৪০২ সংখ্যক বীৰ লাচিত দিৱসৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু পথালিবাম অঞ্চলৰ ৰাইজৰ সহযোগত মৰাণৰ পানীতোলা গ্রাণ্ট মজলীয়া বিদ্যালয় খেলপথাৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দিনৰ ১ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ৪০২ সংখ্যক বীৰ লাচিত দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বৰাই অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনকে ধৰি বীৰ লাচিত দিৱসৰ কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী আৰু কেইবাগৰাকীও স্থানীয় বিধায়কে অংশগ্রহণ কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। লাচিত দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নকুল চন্দ্ৰ ভূঞাৰ দ্বাৰা ৰচিত লাচিত বৰফুকন শীর্ষক কবিতাটোৰ উদ্ধৃতিৰে ৰাজ্যবাসীক লাচিত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
Site Admin | November 24, 2024 11:03 AM | Lachit Divas