ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি সুশাসনৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছেঃ সৰ্বানন্দ সোণোৱাল

উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ মাইজানৰ মুখ্যমন্ত্ৰীৰ সচিবালয়টোৱেই হৈছে ৰাজ্যৰ ৰাজধানীৰ বাহিৰৰ প্ৰথমটো সচিবালয়। ডিব্ৰুগড়ৰ সচিবালয়ত মুখ্যমন্ত্ৰীৰ এগৰাকী যুটীয়া সচিব, এগৰাকী উপ-সচিব, এগৰাকী অবৰ সচিব থাকিব। আনহাতে ডিব্ৰুগড় জিলা আয়ুক্তগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ অতিৰিক্ত সচিব বা যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি অনুষ্ঠানত উপস্থিত থাকি কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লৈ কয় যে, ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি সুশাসনৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে । সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্তব্য কৰি কয় যে, পূৰ্বৰ চৰকাৰে বিধানসভাত ছয় জনগোষ্ঠিৰ জনজাতিকৰণৰ সন্দৰ্ভত লোৱা প্ৰস্তাৱত কেন্দ্ৰই পূৰ্বৰ জনজাতি সকলৰ অসুবিধা নোহোৱাকৈ প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। বৰ্তমান ৰাজ্য চৰকাৰে কেন্দ্ৰই বিচৰা ধৰণে প্ৰস্তাৱ প্ৰস্তুতৰ বাবে চিন্তা-চৰ্চা কৰিছে। এপ্রিল পর্যন্ত কোনো সমাধান সূত্র নোলালে পূৰ্বৰ চৰকাৰে লোৱা সিদ্ধান্ত সন্দৰ্ভত কংগ্ৰেছ দলৰ সৈতে আলোচনা কৰিব৷

অধিক পঢ়ক

সকলো চাওক