ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্রী-বিধায়ক উপস্থিত থাকে। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ লোকৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি তথা প্ৰকল্পৰ ধাৰাবাহিক নিৰীক্ষণ আৰু স্থানীয় উন্নয়ন ত্বৰান্বিত কৰাত সহায় কৰিব।

ইয়াৰ সহায়ত উজনি অসমৰ জনসাধাৰণে দিছপুৰলৈ নহাকৈ বিভিন্ন বিষয় ডিব্ৰুগড় সচিবালয়তে নিষ্পত্তি কৰিব পাৰিব। এই নতুন ব্যৱস্থাৰ অধীনত সময়ে সময়ে উজনি অসমৰ বিভিন্ন জিলাৰ চৰকাৰী বিভাগসমূহৰ কাম-কাজৰ পৰ্যালোচনাৰ লগতে উন্নয়নমূলক কামৰ বাবে অনুষ্ঠান আৰু সংস্থাসমূহৰ সৈতে সমন্বয় স্থাপন সম্ভৱপৰ হৈ উঠিব। একেদৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সৈতে সমন্বয় সম্পৰ্কীয় সভা অনুষ্ঠিত কৰাৰ লগতে জনসাধাৰণক পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰশাসনিক সেৱা আগবঢ়াৰ পৰা হ’ব।

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিমাহত ৪-৫ দিনকৈ ডিব্ৰুগড়ৰ মুখ্যমন্ত্রীৰ সচিবালয়ত উপস্থিত থাকিব। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ মাইজানত থকা ৰাজ্যিক জলসম্পদ বিভাগৰ ৰাজধানীৰ বাহিৰত এইটোৱেই হৈছে ৰাজ্যৰ প্ৰথমটো সচিবালয়। ডিব্ৰুগড়ৰ মুখ্যমন্ত্রীৰ সচিবালয়ত মুখ্যমন্ত্ৰীৰ এগৰাকী যুটীয়া সচিব, এগৰাকী উপ-সচিব, এগৰাকী অবৰ সচিব থাকিব। আনহাতে ডিব্ৰুগড় জিলা আয়ুক্তগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ অতিৰিক্ত সচিব বা যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

অধিক পঢ়ক

সকলো চাওক