ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি কৰি ১৬টাকৈ সিদ্ধান্ত সন্নিৱিষ্ট প্ৰথমটো নিৰ্দেশনাত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৬টাকৈ সিদ্ধান্ত সন্নিৱিষ্ট প্ৰথমটো নিৰ্দেশনাত স্বাক্ষৰ কৰে। মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰা নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা প্ৰতি বছৰে ২৬ জানুৱাৰী তথা গণৰাজ্য দিৱসৰ দিনা মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ মুখ্যমন্ত্রীৰ সচিবালয় প্ৰাংগনত পতাকা উত্তোলন কৰিব। একেটা নিৰ্দেশনাতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ১৯ খন জিলা আয়ুক্তৰ সালসলনিৰ নিৰ্দেশনাতো স্বাক্ষৰ কৰিছে। মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰা আন নিৰ্দেশনাসমূহ অনুসৰি ১৪ ছেপ্তেম্বৰত কৰম পূজা উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। বৰপেটা, বৰদোৱা, মাজুলীত মাটি বিক্ৰীৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। সেই অনুসৰি বৰপেটা চহৰত মাটি বিক্ৰী, বটদ্ৰৱা থানৰ ৫ কিলোমিটাৰ নিলগলৈ মাটি বিক্ৰী আৰু মাজুলী জিলাত মাটি বিক্রীত ৪৫ দিন বাবে বাধা আৰোপ কৰা হৈছে। ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১০ কোটি ৪৮ লাখ ব্যয়ৰে ২৯টা পেইন কেবিন নির্মাণৰ সিদ্ধান্তত মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰিছে। মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰা আন এক নিৰ্দেশনা অনুসৰি আদৰ্শ বিদ্যালয় সংগঠনৰ অধ্যক্ষ হিচাপে ড০ ননী গোপাল মহন্তই কাৰ্যনিৰ্বাহ কৰি যাব।

অধিক পঢ়ক

সকলো চাওক