ডাউনলোড
মোবাইল এপ

android apple
signal

March 21, 2025 10:39 AM | Assam CM

printer

ডিব্ৰুগড়ত অনুষ্ঠিত বৈঠকত অসম মন্ত্রীসভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম মন্ত্রীসভাই নামৰূপৰ ইউৰিয়া প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব ৪০ শতাংশ কৰাত অনুমোদন দিছে। এই প্ৰকল্পত ভাৰত চৰকাৰৰ ৬০ শতাংশ আৰু অসম চৰকাৰৰ ৪০ শতাংশ অংশীদাৰিত্ব থাকিব। কালি ডিব্ৰুগড়ত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে অৱগত কৰে। তেওঁ কয়, যে ১২ দশমিক সাত লাখ মেট্রিকটন ক্ষমতাৰ ইউৰীয়া আৰু এম’নিয়া উৎপাদন প্ৰকল্পটোৰ আধাৰশিলা স্থাপনৰ বাবে ছেপ্তেম্বৰ অথবা অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱা হ’ব। বৈঠকত অৰুণাচল প্ৰদেশত বাস কৰা কিন্তু অসমত স্থায়ী বাসস্থান বা পূৰ্বপুৰুষৰ সম্পৰ্ক থকা মৰাণ জনগোষ্ঠীৰ লোকসকলক শৈক্ষিক উদ্দেশ্যত অসমত স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাষ্ট্রীয় স্বাস্থ্য মিছনত নিয়োজিত চিকিৎসা কৰ্মীসকলৰ ক্ষেত্ৰত নিয়মীয়া পদত নিযুক্তিৰ বাবে আবেদন দাখিলৰ বয়সৰ উৰ্ধসীমা নাথাকিব বুলি মন্ত্রীসভাই ঘোষণা কৰিছে। কামৰূপৰ চৰাইবাহা আৰু বঙাইগাঁৱৰ খোৰাগাঁও প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে ৰূপান্তৰ কৰিবলৈ কালি অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত অসমত সংৰক্ষিত বনাঞ্চল এলেকা ৭০০ হেক্টৰলৈ বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমেলত ব্যক্ত কৰে।
এইবাৰৰ ৰাজ্যিক বাজেটত প্ৰস্তাৱ কৰা ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্রতিষ্ঠানক ডিগ্রী প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ প্ৰস্তাৱতো মন্ত্রীসভাই অনুমোদন জনায়। স্বাধীনতা আন্দোলনৰ ছহিদ নিধানুৰাম ৰাজবংশীক সন্মান জনাই মন্ত্ৰীসভাৰ বৈঠকত গোৱালপাৰা অসামৰিক চিকিৎসালয়ক ছহিদগৰাকীৰ নামেৰে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ড০ শৰ্মাই কালিৰ বৈঠকৰ সিদ্ধান্ত মৰ্মে অহা ৩১ মাৰ্চৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাসমূহৰ গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায়ত স্বাস্থ্য আৰু সুস্থতা শিবিৰ আয়োজন কৰা হ’ব বুলিও ঘোষণা কৰে। ইয়াৰ লগতে মন্ত্ৰীসভাই কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ আইনৰ সংশোধনীতো অনুমোদন জনায়। এই সংশোধনীয়ে পৰিষদীয় সমষ্টিৰ সংখ্যা পূৰ্বৰ ৩০ৰ পৰা ৩৬লৈ বৃদ্ধি কৰিব বুলি ড০ শৰ্মাই জানিবলৈ দিয়ে। চাহ বাগিচাত পথ নিৰ্মাণৰ বাবে ২৬২ কোটি টকা কালিৰ বৈঠকে অনুমোদন জনাইছে। ইয়াৰ লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অহা ২৯ আগষ্টৰ পৰা বছৰজোৰাকৈ আৰম্ভ কৰিবলৈ মন্ত্রীসভাই এখন উপ-সমিতি গঠনৰো সিদ্ধান্ত গ্ৰহণ কৰে। ঐতিহাসিক ৰংঘৰ প্ৰাংগনৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবেও এখন সমিতি গঠন কৰিবলৈ কালিৰ বৈঠকত সিদ্ধান্ত লোৱা বুলি ড০ শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰত এতিয়াৰে পৰা ২৪ ঘণ্টাই দোকান-পোহাৰ খোলা ৰাখিব পাৰিব। অৱশ্যে সুৰাৰ দোকান আৰু বাৰৰ ক্ষেত্ৰত এই সিদ্ধান্ত প্রযোজ্য নহ’ব বুলি ড০ শৰ্মাই স্পষ্টকৈ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক