October 27, 2024 6:47 PM | Mann Ki Baat

printer

ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ উদ্বেগ প্রকাশ কৰিছে। আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১১৫ সংখ্যক খণ্ডৰ যোগেদি ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ডিজিটেল এৰেষ্টৰ নামত চলা এনে ধৰণৰ প্ৰৱঞ্চনা ৰোধ কৰাৰ বাবে সকলো তদন্তকাৰী সংস্থাই একেলগে কাম কৰি আছে। আইনৰ অধীনত কোনো লোকক ডিজিটেল এৰেষ্ট কৰাৰ কোনো ব্যৱস্থা নাই বুলি তেওঁ প্ৰকাশ কৰে। প্রধানমন্ত্ৰীয়ে অনুষ্ঠানত শ্ৰোতাসকলক এনে ঘটনাৰ ভুক্তভোগী আৰু এগৰাকী প্ৰৱঞ্চকৰ মাজত হোৱা কথোপকথন বজাই শুনায়। কথোপকথনত প্ৰৱঞ্চনাকাৰীয়ে নিজকে আৰক্ষী চিবিআই অথবা মাদক দ্ৰব্য নিবাৰণ শাখাৰ বিষয়া বুলি দাবী কৰিছিল। প্ৰৱঞ্চনাকাৰীয়ে ভুক্তভোগী লোকৰ ব্যক্তিগত তথ্য আহৰণ কৰি ভয়ৰ বাতাবৰণ সৃষ্টি কৰে। প্রধানমন্ত্রীয়ে কয় যে, সকলো শ্ৰেণী আৰু বয়সৰ লোক ডিজিটেল এৰেষ্টৰ বলি হৈছে আৰু ভয়ৰ বাবেই তেওঁলোকে লাখ লাখ টকাৰ লোকচান ভৰিবলগীয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে এনেধৰণৰ প্ৰৱঞ্চনামূলক ফোন লাভ কৰিলে ভিতিগ্রস্ত নহবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। তদন্তকাৰী সংস্থাসমূহে ফোন অথবা ভিডিঅ’ কলৰ মাধ্যমেৰে কেতিয়াও জেৰা নকৰে বুলি প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে। শ্রীমোদীয়ে ডিজিটেল সুৰক্ষাৰ বাবে ৩ টা উপায়ৰ বিষযে উল্লেখ কৰে। এই উপায়কেইটা হৈছে বন্ধ কৰক, চিন্তা কৰক আৰু ব্যৱস্থা গ্ৰহণ কৰক। তেওঁ লগতে এনে পৰিস্থিতিৰ সন্মুখীন হ’লে শান্ত হৈ থাকিবলৈ আৰু কাৰো সৈতে ব্যক্তিগত তথ্য বিনিময় নকৰিবলৈ জনসাধাৰণৰ প্ৰতি পৰামৰ্শ আগবঢ়ায়। সম্ভৱ হলে এনে মুহুৰ্ত্তৰ স্ক্ৰীন শ্বট লোৱা আৰু কথোপকথন বাণীবদ্ধ কৰা উচিত বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে এনে ঘটনা পৰামৰ্শৰ বাবে ৰাষ্ট্ৰীয় চাইবাৰ হেল্পলাইন নম্বৰ ১৯৩০ ফোন কৰিবলৈ আৰু cybercrime.gov.inত ঘটনাৰ সবিশেষ জনাবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। শ্রীমোদীয়ে কয় যে, এনে ঘটনাৰ বিষয়ে পৰিয়ালৰ সদস্য তথা আৰক্ষীক জনাব লাগে আৰু সাক্ষ্য প্রমাণ সংৰক্ষিত কৰা উচিত। এই ৩ টা পদক্ষেপে সকলোৰে ডিজিটেল সুৰক্ষা সুনিশ্চিত কৰিব বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, চৰকাৰী সংস্থাসমূহৰ মাজত সমন্বয়ৰ বাবে ৰাষ্ট্ৰীয় চাইবাৰ সমন্বয় কেন্দ্ৰ স্থাপন কৰা হৈছে। এনেধৰণৰ প্ৰৱঞ্চনামূলক ভিডিঅ’ কলৰ সৈতে জড়িত হাজাৰ হাজাৰ আই ডি সংস্থাসমূহে বন্ধ কৰিছে। লাখলাখ চীম কার্ড, মোবাইল ফোন আৰু বেংক একাউণ্টো বন্ধ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। শ্রীমোদীয়ে চাইবাৰ প্ৰৱঞ্চনাৰ বলি হোৱা লোকসকলক তেনে ঘটনাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। চাইবাৰ প্ৰৱঞ্চনা বিৰোধী অভিযানৰ সৈতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো জড়িত কৰা উচিত বুলি শ্রীমোদীয়ে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক